চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰৰ ছবি 'সত্য দ্যা ট্ৰুথ  

চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰৰ ছবি 'সত্য দ্যা ট্ৰুথ  

ডিজিটেল ডেস্ক : অসমীয়া চিনেমা জগতৰ বাবে আৰু এটা ভাল খবৰ। আৰু এখন অসমীয়া ছবি উজলি উঠিল বিশ্ব পৰ্যায়ত। বিশ্বৰে এক উল্লেখযোগ্য ফিল্ম ফেষ্টিভেল 'চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ'। এই মহোৎসৱত প্ৰদৰ্শিত হ’ব কিছুদিনৰ পাছতে ছবিগৃহত মুক্তি পাব লগা এখন অসমীয়া চিনেমাই।

উক্ত মহোৎসৱৰ বাবে নিৰ্বাচিত ছবিখনৰ নাম- সত্য দ্যা ট্ৰুথ। ২০২৩ চনৰ ২৪ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব এই ছবিখন। ছবিখনৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰ (বাবা)। তিলোত্তোমা তালুকদাৰে চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ সামগ্ৰিক পৰিকল্পনা চন্দন তালুকদাৰৰ।

ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰিছে উৎপল দাসে। ছবিখনৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাৰ। সত্য দ্যা ট্ৰুথৰ সম্পাদনা সঞ্জীৱ বৰঠাকুৰ,চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়া,শব্দ সংযোজন আৰু সংমিশ্ৰণ অমৃত প্ৰীতমৰ।

উৎপল উপমান্যৰ কাহিনীৰে ছবিখনৰ চিত্ৰনাট্য লিখিছে চন্দন তালুকদাৰ,ছবিখনত থকা গীতসমূহৰ গীতিকাৰ প্ৰশান্ত বৰদলৈ আৰু তৰালি শৰ্মাৰ।

চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰৰ ছবি 'সত্য দ্যা ট্ৰুথ  
নিৰঞ্জন-ৰীতাৰ প্ৰেমেই ল'লে কালৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in