বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংক চৌহদত কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান

বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংক চৌহদত কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংক চৌহদত কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান

ডিজিটেল ডেস্ক : কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান কৰাৰ এক অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায় বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংকৰ চৌহদত। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এছ বি আইৰ কমিউনিটি চাৰ্ভিছ প্ৰ'গ্ৰামৰ উদ্যোগত অনুষ্ঠিত হয়।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে এ পি জি চি এলৰ শীৰ্ষ বিষয়া বিভূ ভূঞা, অসমীয়া প্ৰতিদিনৰ উপ-মহাপ্ৰৱন্ধক হেমন্ত কুমাৰ ভাগৱতী, সুভাকান্ত কানুঙ্গা আৰু এছ বি আই নিউ গুৱাহাটী শাখাৰ সহকাৰী প্ৰৱন্ধক সঞ্জীৱ কুমাৰ দেৱ।

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে ভাৰতীয় ষ্টেট বেঙ্কৰ নিউ গুৱাহাটী শাখাৰ সহকাৰী প্ৰৱন্ধক সঞ্জীৱ কুমাৰ দেৱে। আদৰণি ভাষণৰ পিছতে সুভাকান্ত কানুঙ্গাই উপস্থিত ৰাইজ তথা শিক্ষাৰ্থীসকলক সম্বোধন কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

উক্ত সভাৰ মূল উদ্দেশ্য আছিল চূণচালি এল পি স্কুল, এ এছ ই বি হাই স্কুল, নামৰূপ আৰু এল টি পি এছ মডেল স্কুল, মাইবেলালৈ ১৪টা কম্পিউটাৰ প্ৰদান কৰা। এই অনুষ্ঠানত চূনচালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভাগৱতীয়ে বিদ্যালয়লৈ আগবঢ়োৱা কম্পিউটাৰ গ্ৰহণ কৰে।

Also Read: সাংস্কৃতিক মহাসংগ্ৰামত জিলিকিছে কাজিৰঙাৰ কন্যা ভিটালী গগৈ

new guwahati bamunimaidam SBI New Guwahati Branch