সাংস্কৃতিক মহাসংগ্ৰামত জিলিকিছে কাজিৰঙাৰ কন্যা ভিটালী গগৈ

সাংস্কৃতিক মহাসংগ্ৰামত জিলিকিছে কাজিৰঙাৰ কন্যা ভিটালী গগৈ

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক মহাসংগ্ৰামত জিলিকিছে কাজিৰঙাৰ কন্যা ভিটালী গগৈ

ডিজিটেল সংবাদ,কাজিৰঙা : ৰাজ্যজুৰি আৰম্ভ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম। নগৰাঞ্চলকে ধৰি গ্ৰামাঞ্চলসমূহৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰিছে অসম সাংস্কৃতিক মহাসংগ্ৰাম।

এই প্ৰতিযোগিতাত কাজিৰঙাৰ উদীয়মান কণ্ঠশিল্পী ভিটালী গগৈয়ে সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি সফলতা অৰ্জন কৰাত কাজিৰঙাৰ বিভিন্ন দল সংগঠনে প্ৰতিভাৱান শিল্পী ভিটালী গগৈক শুভেচ্ছা জ্ঞাপন কৰে ৷

Also Read: বক্সাৰৰ আশাৰ ৰেঙণি 'ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যন'

kaziranga Assam Sanskritik Mahasangram