কৃষি বিভাগৰ উদ্যোগত 'কীটনাশকৰ বিধিসন্মত ব্যৱহাৰ আৰু কীটনাশক আইনৰ কাৰ্যকৰীকৰণ’ সম্পৰ্কে কৰ্মশালা

ৰাজ্যৰ জিলাসমূহক প্ৰতিনিধিত্ব কৰা কৃষি উন্নয়ন বিষয়া আৰু শস্য-ৰক্ষা বিষয়ৰ ন’ডেল বিষয়াসকলে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
কৃষি বিভাগৰ উদ্যোগত 'কীটনাশকৰ বিধিসন্মত ব্যৱহাৰ আৰু কীটনাশক আইনৰ কাৰ্যকৰীকৰণ’ সম্পৰ্কে কৰ্মশালা

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত কৰ্মশালা। বুধবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'কীটনাশকৰ বিধিসন্মত ব্যৱহাৰ আৰু কীটনাশক আইনৰ কাৰ্যকৰীকৰণ’ৰ সন্দৰ্ভত এখনি এদিনীয়া  কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

Advertisment

ৰাজ্যৰ  জিলাসমূহক প্ৰতিনিধিত্ব কৰা কৃষি উন্নয়ন বিষয়া আৰু শস্য-ৰক্ষা বিষয়ৰ ন’ডেল বিষয়াসকলে এই কৰ্মশালাখনিত অংশগ্ৰহণ কৰে  ৷ মানৱ স্বাস্থ্য তথা জীৱ-জন্তুৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কীটনাশকৰ প্ৰস্তুতকৰণ, বিক্ৰী, পৰিবহণ, বিতৰণ আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ উদ্দেশ্য প্ৰস্তুত কৰা কীটনাশক আইনৰ বিষয়ে কৰ্মশালাত অংশগ্ৰহণকাৰী সমল ব্যক্তিসকলে বিশদভাৱে ব্যাখ্যা আগবঢ়ায় ৷

সম্প্ৰতি মাটিৰ গুণাগুণ অটুট ৰাখি মাটি,পানী, বায়ু তথা মানৱ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ বাবে খেতিপথাৰত ৰাসায়নিক সাৰ তথা কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ ৰোধত গুৰুত্ব আৰোপ কৰি  কৃষি বিভাগৰ তৰফৰপৰা কেন্দ্ৰীয় তথা জিলা পৰ্যায়ত কাৰ্যদল গঠন কৰি কৃষক ৰাইজ তথা কীটনাশকৰ খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত সজাগতা তথা নিৰীক্ষণ অভিযান চলাই থকা হৈছে বুলি জানিববলৈ দিয়ে ৷ আনহাতে উল্লেখ কৰে যে পৰৱৰ্তী পৰ্যায়ত কৰ্মশালাত অংশগ্ৰহণকাৰী কৃষি বিষয়াসকলৰ তত্ত্বাৱধানত এই সজাগতা তথা নিৰীক্ষণ অভিযানক অধিক প্ৰসাৰতা প্ৰদান কৰাই এই কৰ্মশালাৰ উদ্দেশ্য ৷

এই কৰ্মশালাত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকা, কৃষি বিভাগৰ যুটীয়া সঞ্চালকদ্বয় শ্ৰী মধুৰাম পাটিৰী আৰু ড° নৃপেন মেধি, অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য পতংগতত্ত্ব বিভাগৰ মুখ্য বিজ্ঞানী ড° চাহিদুৰ ৰহমান, চিলঙনী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড° ৰুদ্ৰ নাৰায়ণ বৰকাকতি, কৃষি সঞ্চালকালয়ৰ পেষ্ট চাৰভিলিয়েঞ্চ বিষয়া আজিম আহমেদ প্ৰমুখ্যে অন্যান্য বিষয়াববীয়াসকল উপস্থিত থাকে ৷

Also Read: বটদ্ৰৱাৰ নাট্য শিল্পী প্ৰয়াত বিৰাজ হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন

assam agriculture