/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9a7cc0fb-7759-44db-bdf2-66b24c79d01c/natya_silpi.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভালুকমাৰী গাঁৱৰ নাট্য শিল্পী প্ৰয়াত বিৰাজ হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখত এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়। চিকিৎসক ডা০ থানুৰাম হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে যোগেশ্বৰ শইকীয়াই।
মাংগলিক কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটিত প্ৰয়াত নাট্য শিল্পী বিৰাজ হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে নাট্য শিল্পী গিৰিধৰ সেনাপতিয়ে। কবি, শিক্ষক বিকাশ হাজৰিকাই আঁত ধৰা উন্মোচনী অনুষ্ঠানটোত মনোজ হাজৰিকা, দিব্যজ্যোতি বৰুৱা, আশীষ মহন্ত, ৰাহুল বৰ্মণ, বাছা বৰদলৈ, ত্ৰিদ্বিপ ডেকা, থুন তামুলী, গৌতম মহন্ত, ৰানা কাকতি, ঘন কাকতি, নিপন শইকীয়া, পিকু কাকতি, টিকু কাকতি, ৰূপম সেনাপতি, হেমন্ত বৰা , কমল সেনাপতি, হেমেন হাজৰিকাকে আদি কৰি কেইবাগৰাকী লোক উপস্থিত থাকে।
অনুষ্ঠানটিতেই বিগত বছৰৰ দৰে প্ৰয়াত বিৰাজ হাজৰিকাৰ স্মৃতিত ২০২৩ বৰ্ষৰ শিল্পী সম্বৰ্ধনা জনোৱা হয় শিল্পী গিৰিধৰ সেনাপতিক। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত হাজৰিকাৰ পিতৃ গুণকান্ত হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/bff8583d-338e-4a37-9f90-9a693da3b027/39a41aec_9078_4ddb_b6b8_7074a1887e96.jpg)
Also Read: ব'হাগ পালেহি : অৰ্কিড উদ্যানত বিহুৰ শেষ আখৰাত ব্যস্ত শিল্পী