শ্ৰী সত্য সাই সেৱা সমিতিৰ উদ্যোগত সাইবাবাৰ ৯৮সংখ্যক জন্মদিৱস আয়োজন

শ্ৰী সত্য সাই সেৱা সমিতিৰ উদ্যোগত সাইবাবাৰ ৯৮সংখ্যক জন্মদিৱস আয়োজন

author-image
Asomiya Pratidin
New Update
শ্ৰী সত্য সাই সেৱা সমিতিৰ উদ্যোগত সাইবাবাৰ ৯৮সংখ্যক জন্মদিৱস আয়োজন

ডিজিটেল ডেস্ক : শ্ৰী সত্য সাই সেৱা সমিতি গুৱাহাটীৰ উদ্যোগত আয়োজন কৰা হৈছে সাইবাবাৰ ৯৮সংখ্যক জন্মদিৱস। অহা ২৩ নৱেম্বৰৰ দিনা গুৱাহাটী যোৰপুখুৰীস্থিত শ্ৰী সত্য সাই সাধনা নিলয়মত ৯৮সংখ্যক জন্মজয়ন্তীৰ দিহা কৰা হৈছে।

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, পুৱা ৪-০০ বজাত ঔমকাৰম্,সুপ্ৰভাতম্ আৰু নগৰ সংকীৰ্তন অনুষ্ঠান। ইয়াৰ পিছতে ৮-০০ বজাত পতাকা উত্তোলন,৯-০০ বজাত যোৰপুখুৰীৰ পৰা পবিত্ৰ জলাৰোহণ।

ইয়াৰ পিছত অভিষেক পূজা,নাৰায়ণ সেৱা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ'ব। আবেলি ৪-৩০ বজাত জন্মদিন উপলক্ষে শিশুসকলৰ দ্বাৰা কেক কটা পৰ্ব অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছতে ভজন আৰু সাইবাবাৰ বাণী কীৰ্তন-শ্ৰৱণ কৰা হ'ব।

ইফালে সন্ধিয়া ৫-৩০ বজাত মংগল আৰতিৰ পিছতে প্ৰসাদ বিতৰণৰে অনুষ্ঠানৰ সামৰণি মৰা হ'ব। উল্লেখযোগ্য যে উক্ত দিনটোত গুৱাহাটীৰ কাহিলীপাৰা,চচল তথা আন আন সাই বাবা মন্দিৰসমূহতো জন্মদিৱস অনুষ্ঠিত কৰা হ'ব।

Also Read: বৰহোলা পঞ্চায়তৰ উদ্যোগত সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী সম্পন্ন

Sai Baba