/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f402669d-55bb-4f5b-af70-76f5b829e3a2/169.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ গাঁও পঞ্চায়তসমূহত অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ৷ সমান্তৰালকৈ বৰহোলা গাঁও পঞ্চায়তৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কলাকুঞ্জ ভৱনত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ৷
কাৰ্যসূচীৰ পহিলা দিনা বন্তি প্ৰজ্বলনৰ পিছতে পঞ্চায়ত ভিত্তিত ৩টা শাখাত জ্যোতি, ৰাভা, ৰবীন্দ্ৰ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। একদৰে বিহুনাচ, লোক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ পুৱা প্ৰতিযোগিতা উদ্বোধন কৰে একালৰ ছাত্ৰ নেতা তথা বিজেপি দলৰ যোৰহাট জিলা সম্পাদক দেৱজিৎ সোনোৱালে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/339b66e3-deda-4b73-acdd-4e0ad8ecddee/f18ad773_d16d_4f5b_ac8e_a027ddfd386a.jpg)
অনুষ্ঠানত ১০০ নং তিতাবৰ সমষ্টি অধ্যক্ষ তথা ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শ্যামল কৃষ্ণ বসৰা, বিশিষ্ট সমাজকৰ্মী প্ৰমিলা সোণোৱাল,বৰহোলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিভা বৰা,কলাকুঞ্জৰ কাৰ্যকৰী সভাপতি গোবিন মহন্ত,সম্পাদক ত্ৰৈলোক্য দেৱ শইকীয়া,তিতাবৰ উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ক্ষীৰদা হাজৰিকা,সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী নয়ণমণি শইকীয়া,অৰ্চনাময়ী বৰা,দীপা দেৱী উপস্থিত থাকে। লগতে ৱাৰ্ড সদস্য-সদস্যা,পঞ্চায়তখনৰ কৰ্মচাৰী,ছাত্ৰ ছাত্রী আৰু ভালেসংখ্যক লোক উপস্থিত থাকে ৷
Also Read: হামাছ-ইজৰাইল যুদ্ধ : এটা বিশেষ ভিডিঅ'ই সৃষ্টি কৰিছে চাঞ্চল্যৰ