ৰাগালয়ৰ উদ্যোগত গায়নাচাৰ্য পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰদেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱস উদযাপন

উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহৰ পৰা ভাহি আহিছে শাস্ত্ৰীয় সংগীতৰ গম্ভীৰ অথচ শ্ৰাব্যমধুৰ সুৰ

author-image
Asomiya Pratidin
New Update
ৰাগালয়ৰ উদ্যোগত গায়নাচাৰ্য পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰদেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱস উদযাপন

ডিজিটেল ডেস্ক : আহিব খোজা বৰষুণজাকো যেন মন্ত্ৰমুগ্ধ হৈ ৰৈ গ’ল এজাক শিশুৰ গীতত ! শিশুসকলৰ গুৰু-গম্ভীৰ শাস্ত্ৰীয় সংগীতৰ সুৰ, তবলা-বীণৰ শব্দত আহো নাহোকৈ ৰৈ ৰৈ শুনি থাকিল সুৰৰ মুৰ্চ্ছনা।

Advertisment

উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহৰ পৰা ভাহি আহিছে শাস্ত্ৰীয় সংগীতৰ গম্ভীৰ অথচ শ্ৰাব্যমধুৰ সুৰ। ৰাগালয় সংগীত মহাবিদ্যালয়, গুৱাহাটীৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত কৰা হৈছে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ। পালন কৰা হৈছে গায়নাচাৰ্য পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰদেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱস।

উক্ত অনুষ্ঠানত ৰাগালয়ৰ ভালেকেইগৰাকী শিশু শিল্পী তথা প্ৰশিক্ষাৰ্থীয়ে শাস্ত্ৰীয় সংগীত পৰিবেশন কৰে। উল্লেখযোগ্য যে গুৰু ভজন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ কৰা হয় পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰদেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱসৰ অনুষ্ঠান।

ভালেসংখ্যক লোকৰ উপস্থিতিত বিশিষ্ট কথক শিল্পী বিপুল দাসে অনুষ্ঠানটিৰ বন্তি প্ৰজ্জ্বলন কৰে। তাৰোপৰি কণ কণ শিশুসকলৰ লগতে মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী আৰু অধ্যক্ষা নিহাৰিকা গগৈয়েও শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে।

Also Read: বিশ্ব নদী দিৱস উপলক্ষে ‘ভৰলু বচাওঁ অভিযান’ৰ ৩টা সংকল্প…

Uzan Bazar music