ডিজিটেল ডেস্ক : অহা ২২ ছেপ্তেম্বৰ দেওবাৰে পালন কৰা হ’ব বিশ্ব নদী দিৱস। এই নদী দিৱস উপলক্ষে নাগৰিক সংস্থা ভৰলু বচাওঁ অভিযানে ৩টা সংকল্পৰে আগবঢ়াৰ কথা ব্যক্ত কৰে।
আগন্তুক বিশ্ব নদী দিৱসৰ প্ৰাকক্ষণত ৩১ আগষ্ট শনিবাৰে সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠনটোৰ সভাপতি ৰবীন্দ্ৰ নাথ মজুমদাৰে বিশ্ব নদী দিৱস উপলক্ষে হাতত লোৱা কেইবাটাও কাৰ্যসূচীৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/qn31q1cx/d29f1a57-4c77-4f2f-a4a2-ecee8d79ddfb.jpg)
সভাপতিগৰাকীয়ে কয়- অহা ২২ ছেপ্তেম্বৰৰ দিনা গুৱাহাটীবাসীৰ বিভিন্ন দিশত উন্নয়নৰ হকে কেইবাটাও কাৰ্যপন্থা হাতত লোৱা হৈছে। তাৰ ভিতৰত মূল ৩টা সংকল্প হৈছে- সকলোৰে বাবে খোৱাপানী, এখন বান আৰু জাবৰমুক্ত গুৱাহাটী আৰু তৃতীয়টো হৈছে- এখন পৰিস্কাৰ পানীৰ বোৱতী ভৰলু নৈ।
এই ৩টা মূল বিষয়বস্তু লৈ উক্ত দিনা মানৱ শৃংখল গঢ়ি কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই মানৱ শৃংখল চিলাৰায় নগৰৰ পৰা ভৰলুৰ পাৰে পাৰে গঢ়ি তোলা হ’ব। তাৰোপৰি ভৰলুৰ দুয়ো পাৰে থিয় হোৱাৰ লগতে প্ৰাগজ্যোতিষ কলেজৰ পৰা ৰে’ল গেটলৈকে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/sg9lvr98/35e1839c-55f3-48df-8452-005809ac18cd.jpg)
উক্ত কাৰ্যসূচীত জাতি-ধৰ্ম আৰু ভাষা তথা ৰাজনৈতিক দৰ্শন নিৰ্বিশেষে গুৱাহাটীবাসীক সহযোগ কৰিবলৈ অনুৰোধ জনাই ভৰলু বচাওঁ নামৰ সংস্থাটোৱে। ইতিমধ্যে ভৰলু বচাওঁ অভিযানৰ অংশস্বৰূপে পূৰ্বেও গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰা বুলিও জানিবলৈ দিয়ে সভাপতি ৰবীন্দ্ৰ নাথ মজুমদাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-31/g8m6b1sx/ed367ae8-804c-451a-919c-2eed2ec8f6d9.jpg)
উল্লেখ কৰা প্ৰয়োজন যে ভৰলু, মৰা ভৰলু আৰু বাহিনী নৈক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ২০২১ চনত গঠন কৰা হৈছিল নাগৰিকৰ সংস্থা চেভ ভৰলু (ভৰলু বচাওঁ) অভিযান। প্ৰথম বৰ্ষৰ কাৰ্যসূচী হিচাপে জোনালীৰ পৰা ভৰলুমুখলৈ এক সুদীৰ্ঘ চাইকেল ৰেলীৰে বিশ্ব নদী দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰা আজিপৰ্যন্ত সংগঠনটোৱে এই বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি বিশ্ব নদী দিৱস পালন কৰি আহিছে।
Also Read: ৰাস্তাত কাম, বাইলেনত জাম
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us