সুখ সুখ বুলি মানুহ বলিয়া...

সুখ সুখ বুলি মানুহ বলিয়া...

ভাস্কৰ শৰ্মা

তেওঁৰ কবিতাত মানুহে বিচাৰি পাই জীৱনক বিশ্লেষণ কৰাৰ সমল। সুখ-দুখ মানুহৰ এৰাব নোৱাৰা অনুভৱ। কাৰোৰে জীৱন কেৱল সুখেৰে ভৰপূৰ নহয় অথবা দুখেৰে। মনুষ্য জীৱনত এই দুয়োটা অনুভৱেই অহৰহ প্ৰবাহমান।

তথাপি আমি জীৱ শ্ৰেষ্ঠই কেৱল মাত্ৰ বিচাৰোঁ সুখ। সেয়ে হয়তো তেওঁৰ কলমেৰে নিগৰি আহিছিল "সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ; সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ...।" খাটি খোৱা অসমীয়াৰ ভাব-চিন্তা বিশ্লেষণ কৰি তেওঁ লিখা অন্যতম কবিতা। যিটো কবিতা সকলোৰে বাবে আজিও প্ৰাসংগিক।

'জোনাকী যুগ'ৰ কবি আছিল আনন্দ চন্দ্ৰ আগৰৱালা। যাক আমি 'ভাঙনি কোঁৱৰ' বুলি জানো। 'জোনাকী যুগ'ক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত অন্যতম যুগ বুলি গন্য কৰা হয়। কিয়নো এই সময়চোৱাতেই অসমীয়া সাহিত্যই এক গতি লাভ কৰিছিল।

ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাই বুজি পাইছিল অসমীয়া সমাজখনৰ গাথা আৰু ব্যথা। অসমীয়া সমাজ জীৱনকলৈয়ে সৃষ্টি কৰিছিল বহু উল্লেখযোগ্য কবিতা। এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ মনত উন্মেষ হোৱা অনুভৱ প্ৰকাশ কৰিছিল এনেদৰে- "কোনে মোক তুলি-তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই। তেঁৱে মোৰ পূজনীয়া মৰমৰ আই...।"

আনন্দ চন্দ্ৰ আগৰৱালা কেৱল কবিয়েই নাছিল। তেওঁ আছিল একেধাৰে অনুবাদক, প্ৰশাসক, ইতিহাসবিদ আদিৰে বহুমুখী প্ৰতিভাৰ আকৰ। ভালেসংখ্যক বিদেশী ভাষাৰ কবিতা অনুবাদ কৰাৰ বাবেই অসমীয়া সাহিত্যত তেওঁক 'ভাঙনি কোৱঁৰ' বুলি জনা যায়।

উল্লেখ্য যে, তেওঁ অতি নিখুঁতভাৱে যিকোনো ভাষাৰ কবিতা এটা অনুবাদ কৰিব পাৰিছিল। এইগৰাকী বহুমুখী প্ৰতিভাৰ জন্ম হৈছিল ১৮৭৪ চনত তেজপুৰৰ বৰঙাবাৰীত।

পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাৰ শৈশৱতে সাহিত্যৰ প্ৰতি ধাউতি আছিল। সেয়ে তেওঁ ছাত্ৰ অৱস্থাতে কেইজনমান বন্ধুৰ লগলাগি "ধৰ্ম সঙ্গীত" নামে পুথি ৰচনা কৰিছিল।

পিছলৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কলিকতা অভিমুখে যাত্ৰা কৰিছিল। তাতেই তেওঁ কলিকতা মেট্ৰ’প’লিটান কলেজৰপৰা এফ এত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কলিকতাত থকা সময়চোৱাতে তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ এজন সক্ৰিয় সদস্য হৈ পৰিছিল।

উক্ত সময়চোৱাতে তেওঁ জোনাকী কাকতত নিয়মীয়া লিখিবলৈ লয়। তেওঁৰ বিবিধ লেখা জোনাকীৰ পাতত প্ৰকাশ হৈছিল। তেওঁৰ লেখা পঢ়ি পাঠকে লভিছিল চিন্তাৰ খোৰাক। অৱশ্যে সাহিত্য চৰ্চাৰ কামত লাগি থাকোতে তেওঁৰ পঢ়া আধৰুৱা হয়। ফলত স্বৰূপে, তেওঁ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈয়ে ঘৰলৈ উভতি আহে। 

অসমলৈ উভতি আহিয়েই তেওঁ আৰম্ভ কৰে কৰ্মজীৱন। প্ৰথমে তেওঁ শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। সাহিত্য চৰ্চাৰ দৰে প্ৰশাসনিক দিশতো অপ্ৰমাদী আছিল আনন্দ চন্দ্ৰ আগৰৱালা।

সাহিত্য-শিক্ষকতাৰ পিছত তেওঁ যোগদান কৰিছিল অসম আৰক্ষী বিভাগত। আৰক্ষী বিভাগত তেওঁ বিভিন্ন পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। ইন্সপেক্টৰ,শিলচৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ,গুৱাহাটী আৰু ডিব্ৰুগড়ত সহকাৰী আৰক্ষী অধীক্ষক আদি পদত কাৰ্য্যনিৰ্বাহ কৰি অসম আৰক্ষী বিভাগতো এক নতুন গতি দিবলৈ আগৰৱালাদেৱে চেষ্টা কৰিছিল।

অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেই ১৯৩৪ চনত অসম সাহিত্য সভাৰ মঙলদৈ অধিৱেশনত আগৰৱালাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। "কোমল পাঠ" আৰু অসমীয়া আদিপাঠ" তেওঁ ৰচনা কৰা দুখন পাঠ্যপুথি। ইয়াৰোপৰি "জিলিকনি","পানচৈ","সুখৰ ঠাই","তই","বলম" ইত্যাদি কবিতা সংকলন।

এইগৰাকী মহান অসমীয়া তথা বিশিষ্ট সাহিত্যিকৰ মহাপ্ৰয়াণ ঘটিছিল ১৯৪০ চনৰ ১৬ ডিচেম্বৰত। আজিৰ এই পুণ্যতিথিত সাহিত্যিকগৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত।

সুখ সুখ বুলি মানুহ বলিয়া...
লেট মাই লাইফ বি- ডিচমিছড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in