ৰঙিয়াত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ৰঙিয়াত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ডিজিটেল সংবাদ, ৰঙিয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো শুকুৰবাৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে মহকুমাধিপতি দিপন বৰ্মনে । পুৱা ৯ বজাত পতাকা উত্তোলন কৰি মহকুমাধিপতি গৰাকীয়ে দেশ মাতৃৰ সেৱাত ব্ৰতী হৈ প্ৰতি গৰাকী নাগৰিকৰ লগতে আত্মনিয়োগ কৰা ৰাষ্ট্ৰীয় চিন্তা আৰু তেখেতৰ বীৰ বলিদানৰ কথা সোঁৱৰণ কৰি শ্ৰদ্ধাৰে সেৱা জনায় ।

ইফালে আজি এই গণৰাজ্য দিৱসত অসম আৰক্ষী বেটেলিয়ন, এন চি চি গোট, ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীৰ ঘোষ বাদনকে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে এই গণৰাজ্য দিৱসত অসম আৰক্ষী বেটেলিয়নৰ পৰা এখনি অস্ত্ৰসামৰিক প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয় । লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দেশপ্ৰেমমূলক গীতত নৃত্য পৰিবেশন কৰাৰ উপৰি বিভিন্ন জনগোষ্ঠীয় নৃত্যও পৰিবেশন কৰা পৰিলক্ষিত হয় । আজিৰ এই ৰঙিয়াৰ গণৰাজ্য দিৱসত এছ ডি পি অকে ধৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী, পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও লোক আৰু জ‌্যেষ্ঠ নাগৰিকৰ উপৰিও ৰাইজে উপস্থিত থাকে ।

ৰঙিয়াত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন
কলিয়াবৰত গণৰাজ্য দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in