কলিয়াবৰত গণৰাজ্য দিৱস উদযাপন

কলিয়াবৰত গণৰাজ্য দিৱস উদযাপন

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত দেশৰ ৭৫তম গণৰাজ্য দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ইতিহাস বিজড়িত কুঁৱৰীটোল গান্ধী খেলপথাৰত অনুষ্ঠিত হয় গণৰাজ্য দিৱস। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্য অতিথিৰ সংগ্ৰামী ভাষণ প্ৰদান কৰে কলিয়াবৰ মহকুমাধিপতি তথা নগাঁও জিলা অতিৰিক্ত আয়ুক্ত লিজা তালুকদাৰে।কলিয়াবৰৰ কেইবাখনো স্কুলৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশগ্ৰহণ কৰা লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰে উদ্‌যাপন গণৰাজ্য দিৱস।

কলিয়াবৰ মহকুমাৰ কেইবাটাও চৰকাৰী বিভাগে পেৰেডত বিভাগীয় বিষয় সম্পৰ্কত প্ৰতীকিৰূপত প্ৰদৰ্শন কৰে। এই অনুষ্ঠানতে কলিয়াবৰৰ সমাজ জীৱনলৈ সেৱা আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে।

কলিয়াবৰত গণৰাজ্য দিৱস উদযাপন
বটদ্ৰৱা নৰোৱা সত্ৰৰ আইমাতৃ শান্তি গোস্বামীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in