৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ খেলুৱৈ বাচনি

৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ খেলুৱৈ বাচনি

author-image
Asomiya Pratidin
New Update
৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ খেলুৱৈ বাচনি

ডিজিটেল সংবাদ,গুৱাহাটী : ভাৰতীয় স্কুল গেমছ ফেডাৰেচনে ২০২৪ চনৰ জানুৱাৰীৰ ৩য় সপ্তাহত ঝাৰখণ্ডৰ ৰাঁচীত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ ২০২৩-২৪ অনুষ্ঠিত হ'ব । সেয়েহে ৰাজ্যিক দলটোক চেম্পিয়নশ্বিপলৈ প্ৰেৰণ কৰিবলৈ, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়,অসম ৰোলাৰ স্কেটিং এছ'চিয়েচনৰ সহযোগত অহা ২৬ ডিচেম্বৰ ২০২৩ৰ পুৱা ৯-০০ বজাৰ পৰা গুৱাহাটীস্থিত দিছপুৰ ৰুদ্ৰ সিংহ ক্ৰীড়া কমপ্লেক্সৰ দিছপুৰ স্কেটিং ৰিঙত বাছনি পৰীক্ষাৰ আয়োজন কৰিবলৈ আয়োজন কৰা হৈছে।

Advertisment

উদ্যোক্তাই জনোৱা অনুসৰি বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী স্কেটাৰসকলক মানৱ বি মেধিৰ 8822038500 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। সকলো স্কেটাৰে বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত জন্মৰ প্ৰমাণ পত্ৰ/আধাৰ কাৰ্ড/পাছপ'ৰ্টৰ মূল নথি-পত্ৰ লৈ যাব লাগিব বুলি উল্লেখ কৰে।

Also Read: জাগীৰোডত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ১৫০ ৰো অধিক কোটি টকাৰ আঁচনি

Roller Skating Championship games