/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9dc5c460-d379-4555-a938-830ddeaad040/AP_FOR_WEB_himanta.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে জাগীৰোডত বিকাশৰ এটা দিন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই অনুষ্ঠানত ১১৪ কোটি টকাৰ কেইবাটাও আঁচনিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উদ্বোধনৰ পাছতে এক জনসভা সম্বোধন কৰে শৰ্মাই। তেওঁ কয় যে, অসমৰ কোনো এটা সমষ্টিত একেলগে ১১৪ কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন হোৱা নাই। আগৰ দৰে এইবাৰ মহ যুঁজ উদযাপন কৰিব পাৰিম। জাগীৰোড কাগজ কলৰ দুখ লগা ইতিহাস আজি নোহোৱা হ'ল। পৰৱৰ্তী সময়ত জাগীৰোডলৈ সৰ্ববৃহৎ বিনিয়োগ আহিব।
নলা-নৰ্দমাৰ বাবে ১৫০ কোটি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে কয় যে, জাগীৰোডত নতুনকৈ হ'ব অগ্নি নিৰ্বাপন কেন্দ্ৰ। ২টা বছৰ ভিতৰত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ হ'ব। নতুনকৈ ৪০ হাজাৰ চাকৰিত নিযুক্তি দিয়া হ'ব। মাহিলী ৩০ হাজাৰ উপাৰ্জন কৰা সকলেও লাভ কৰিব ৰেচন কাৰ্ড। ১০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব।
তেওঁ লগতে কয় যে, ১৯ লাখ লোকেৰে অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। এতিয়া ২৭ লাখ লোকক আঁচনিখনে স্পৰ্শ কৰিছে । আত্ম সহায়ক গোটৰ ৪০ লাখ মহিলাৰ বেংক একাউণ্টত ১০ হাজাৰ কৈ সাহাৰ্য প্ৰদান কৰিব। উৎপাদমুখী কাম কৰিবলৈ এই সাহাৰ্য প্ৰদান কৰা হ'ব বুলি তেওঁ কয়।
শৰ্মাই কয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী আৱাস যোজনা হ'ব। মৰিগাঁও আৰু দৰং সংযোগ হোৱাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে । আৰু ১০ বছৰ এনেকৈ হ'লে আমি ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হৈ পৰিম বুলি কয়।
উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত , নগৰ উন্নয়ন মন্ত্রী অশোক সিংহল, জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।
Also Read: কি পালে, কি হেৰুৱালে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us