ডিজিটেল ডেস্ক : গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘটনা অনুসৰি ৫জনকৈ শিক্ষাৰ্থীক এফালৰ পৰা আঘাত কৰি যায় বিদ্যালয়খনৰে এগৰাকী সহপাঠীয়ে। ফলত তেজেৰে ৰাঙলী হৈ পৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠা।
জানিব পৰা মতে হাতত ভঙা আইনাৰ টুকুৰালৈ সহপাঠীগৰাকীয়ে অন্য ৫গৰাকী শিক্ষাৰ্থীক আক্ৰমণ কৰে। উল্লেখ্য যে বিজ্ঞান বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে অনা আইনাৰ টুকুৰাৰে আঘাত কৰে শিক্ষাৰ্থীগৰাকীয়ে।
মহানগৰীৰৰ গড়চুকৰ ষ্টেট বেংক অফিচাৰ এছোচিয়েচন পাব্লিক স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত সংঘটিত এই ঘটনাক গাপ দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ আগেয়েও বিদ্যালয়খনত অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি এক সূত্ৰে জানিব পৰা গৈছে।
ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি একাংশ অভিভাৱকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিদ্যালয়খনৰ অনুশাসন ভংগ হৈছে। যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে।
উল্লেখ্য যে উক্ত ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে। কিন্তু এই ঘটনা পোহৰলৈ আহিবলৈ দিয়া নাছিল বিদ্যালয় কৰ্তৃপক্ষই।
উক্ত ঘটনা সংঘটিত কৰা শিক্ষাৰ্থীগৰাকীক বিদ্যালয় কৰ্তৃপক্ষই ১৫ দিনৰ বাবে কাউন্সিলঙত পঠিয়াই দায়িত্ব সামৰা বুলিও এক অভিযোগ উত্থাপিত হৈছে।