/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/1d20623f-3932-4377-88db-d1b7883a1bac/158.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : দৰং- ওদালগুৰি জিলাৰ লোকশিল্পীসকলৰ কল্যাণৰ বাবে গঠন হোৱা অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিয়ে শনিবাৰে এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত সদৌ অসম ভিত্তিত প্ৰৱৰ্তন কৰা তনুৰাম ৰাজবংশী শাস্ত্রী সোঁৱৰণী ধৰ্মদেৱ বিপ্র বঁটাটি প্ৰদান কৰে দৰঙী লোককৃষ্টিৰ ধাৰক-বাহক ব্যাস সংগীতৰ খ্যাতনামা শিল্পী তীর্থ নাথ ওজাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/21106649-ccb7-4fcb-813e-2a46fd162e53/3801a42a-faae-4191-84e5-f7104df7866f.jpg)
উক্ত অনুষ্ঠানটি মঙলদৈ সনাতন ধর্মসভা প্রাংগণত আয়োজন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ৫গৰাকী বিশিষ্ট লোকশিল্পীক আর্থিক সাহায্য প্রদানেৰে সম্বৰ্ধনা জনোৱা হয়। এই শিল্পী পাঁচ গৰাকী হ'ল- সোণাৰাম শৰ্মা (বানেইকুছি, খুলীয়া ভাউৰীয়া শিল্পী), ভুৱনেশ্বৰ নাথ (মেটাপাৰা, পকাদলি, চিয়াগীত, লোকগীত, নাগাৰা নামৰ শিল্পী), পুষ্প হাজৰিকা (বননগৰী, কলাইগাঁও, চিয়াগীত, লোকগীত, দোতাঁৰা, বাঁহীৰ শিল্পী), ভদ্রেশ্বৰ ডেকা, (মাহৰিপাৰা, সুকন্নানী ওজা শিল্পী), হেমেশ্বৰ কলিতা (বেজপাৰা, মঙলদৈ, ওজাপালি শিল্পী)।
শনিবাৰে বিয়লি ৩-৩০ বজাত বন্তি প্রজ্বলন কৰে দৰং জিলা সাহিত্য সভাৰ ধনভড়ালী হৰি চন্দ্ৰ শৰ্মাই। ৩-৪৫ বজাত স্মৃতি তর্পণ কৰে মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাংবাদিক মদন চন্দ্ৰ বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/79007bfa-912f-46ba-a358-884e82a34db4/1ba1eb8e-939c-4070-8ed2-ab88ffabd6d2.jpg)
৪-০০ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠান। এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে।
সভাখন সঞ্চালনা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিধায়ক তথা অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ অধ্যক্ষ ড° পৰমানন্দ ৰাজবংশীয়ে। বিশিষ্ট অতিথি হিচাপে সভাত অংশগ্ৰহন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথ, বিশিষ্ট সাহিত্যিক, চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিজয় কুমাৰ শৰ্মা, অসম মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, মঙলদৈ ইউথ ক্লাবৰ সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাই।
সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী সন্মানপ্ৰাপক দ্রোণ ভূঞা আৰু অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটাপ্ৰাপক ধৰ্মেশ্বৰ নাথ ওজা।
সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে দৰঙী ক'লা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্র নাথ ডেকা, অসম নাট্য সন্মিলন , দৰং জিলা সমিতিৰ সভাপতি মহেন্দ্র ডেকা, দৰং ওদালগুৰি ব্যাস সংগীত বিকাশ সমিতিৰ সভাপতি ইন্দ্রকান্ত নাথ, দৰং জিলা নাগাৰা নাম সংঘৰ সভাপতি উদ্ধৱ ডেকা, দৰং জিলা সুকনান্নী ওজাপালি সন্মিলনৰ সভাপতি হৰেন্দ্ৰ নাথ শর্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/8eab436b-0f46-4d10-99ac-45080e11d8ea/592fa052-e568-4d80-b772-c75e09ec66a8.jpg)
সভাত অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ শিল্পীসকলে এটি চিয়া গীত পৰিবেশন কৰি উপস্থিত ৰাইজৰ মনোযোগ আকৰ্ষণ কৰে। মুখ্য সচিব তৰুণ আজাদ ডেকা , সচিব মুকুট চন্দ্ৰ হাজৰিকা ই আট ধৰা অনুষ্ঠানত সচিব মৃণাল কুমাৰ ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়ায়।
Also Read: উপ-জিলাৰ সদৰ কাৰ্য্যালয় বঢ়মপুৰত স্থাপনৰ দাবীত সজাগতা সভা