
গুৱাহাটী মহানগৰীত কৰ্মৰত ৫ গৰাকী আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ।
ৰিজাৰ্ভ ক্ল'জ হোৱা আৰক্ষীৰ বিষয়া, কনিষ্টবল কেইগৰাকী ফটাশিল আমবাৰী থানাৰ।
অভিযোগ অনুসৰি ৫ জন আৰক্ষীয়ে নিশা এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰিছিল ধন।
নিশা টহল দিয়াৰ সময়ত আৰক্ষীৰ দলটোৱে এখন ট্ৰাকৰ পৰা বলপূৰ্বক ভাৱে সংগ্ৰহ কৰিছিল ৭ হাজাৰ টকা।
ইয়াৰ পিছতে ট্ৰাকৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত অভিযোগ দিয়ে আৰক্ষীৰ শীৰ্ষ মহলত।
ইয়াৰ পিছতে ডিচিপি দেৱাশী বৰাই তলৱ কৰে আটাইকেইজন আৰক্ষীক।
ডিচিপি দেৱাশী বৰাৰ সন্মুখত তেওঁ স্বীকাৰ কৰে ধন সংগ্ৰহৰ কথা।
ইয়াৰ পিছতে আটাইকেইজনৰে ৰিজাৰ্ভ ক্ল'জ কৰিছে।
ৰিজাৰ্ভ ক্ল'জো হোৱা আৰক্ষী কেইজন ক্ৰমে চিপাহী কিশোৰ কলিতা, হাবিলদাৰ হিতেশ্বৰ বৰ্মন।
গাড়ী চালক সুৰেন কলিতা, গৃহৰক্ষী জোৱান মুক্তাবৰ।