শান্তি বিচাৰি হাহাকাৰ মণিপুৰীৰ; উচ্চতম ন্যায়ালয়ত দাখিল চৰকাৰী প্ৰতিবেদন...

শান্তি বিচাৰি হাহাকাৰ মণিপুৰীৰ; উচ্চতম ন্যায়ালয়ত দাখিল চৰকাৰী প্ৰতিবেদন

author-image
Asomiya Pratidin
New Update
শান্তি বিচাৰি হাহাকাৰ মণিপুৰীৰ; উচ্চতম ন্যায়ালয়ত দাখিল চৰকাৰী প্ৰতিবেদন...

ডিজিটেল ডেস্ক : শান্ত হোৱা নাই মণিপুৰ। দিনক দিনে পৰিস্থিতি অধিক অৱনমিত হোৱা মণিপুৰত দেওবাৰৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল সংঘৰ্ষৰ। ইপিনে উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যৰ জাতিগত হিংসাৰ ওপৰত স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া নিৰ্দেশ মৰ্মে পূৰ্ব নিধাৰিত দিন অনুসৰি সোমবাৰে চৰকাৰে দাখিল কৰিলে প্ৰতিবেদন। প্ৰতিবেদন দাখিলৰ পাছতেই আদালতে পৰৱৰ্তী ১০ জুলাইত গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰিছে।

Advertisment

শুনানিৰ সময়ত, কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনোৱা অনুসৰি ৰাজ্যখনৰ পৰিস্থিতি লাহে লাহে উন্নীত হৈছে। মণিপুৰৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাংপোকপি জিলাত দুটা কুকি সংগঠন ক্ৰমে ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউপিএফ) আৰু কুকি নেচনেল অৰ্গেনাইজেচন (কেএনঅ')য়ে পথ ৰোধ প্ৰত্যাহাৰ কৰিছে।

আনহাতে দুমাহ পূৰ্বেই ৰাষ্ট্ৰীয় ঘাইপথ-২ত বাধা প্ৰদান কৰা কুকি নাগৰিক সমাজ গোট কমিটি অন ট্ৰাইবেল ইউনিটি (চিঅটিইউ)য়ে বৰ্তমানেও আনুষ্ঠানিকভাৱে আন্দোলন প্ৰত্যাহাৰ কৰা নাই। উল্লখ্য মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত হিংসাত এতিয়ালৈকে ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

Also Read: ৰহস্যজনক অৱস্থাত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, পিতৃ আৰু মাহীমাকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

manipur violence