বৰষুণত তিতি কঁপি কঁপি মৃত্যু হ'ল যুৱকৰ...

বৰষুণত তিতি কঁপি কঁপি মৃত্যু হ'ল যুৱকৰ...

author-image
Asomiya Pratidin
New Update
বৰষুণত তিতি কঁপি কঁপি মৃত্যু হ'ল যুৱকৰ...

বৰষুণত তিতি কঁপি কঁপি মৃত্যু হ'ল যুৱকৰ...

মহানগৰীৰ খাৰঘুলিত কৰুণ মৃত্যুক সাৱটি ল’লে এজন যুৱকে। বৰষুণত তিতি তিতিয়েই প্ৰাণ ত্যাগ কৰিলে যুৱকজনে।

আজি খাৰঘুলিস্থিত জাইকাৰ পানী প্ৰকল্পৰ গেটৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বৰষুণত তিতি থকা এই যুৱকজনে কঁপি কঁপি মৃত্যুক সাৱটি লয়।

প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা যুৱকজনৰ মানসিক অৱস্থা সুস্থিৰ নহয়। প্ৰায় ৩০ বছৰীয়া এই যুৱকজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই।

ঘটনাস্থলীত লতাশিল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে।

Also Read: শোণিতপুৰত বিজেপি, কংগ্ৰেছ এৰি আপলৈ বহুজন...

জাইকা