শোণিতপুৰত বিজেপি, কংগ্ৰেছ এৰি আপলৈ বহুজন...

শোণিতপুৰত বিজেপি, কংগ্ৰেছ এৰি আপলৈ বহুজন...

author-image
Asomiya Pratidin
New Update
শোণিতপুৰত বিজেপি, কংগ্ৰেছ এৰি আপলৈ বহুজন...

শোণিতপুৰত বিজেপি, কংগ্ৰেছ এৰি আপলৈ বহুজন...

ডিজিটেল সংবাদ শোণিতপুৰঃ আম আদমি পার্টী শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা আজি বিহাগুৰিৰ চন্দ্ৰ নাথ শৰ্মা ভৱনত অনুষ্ঠিত হয়। দলটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি পুতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্রহণ কৰে ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী ৰষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আদিয়ে।

Advertisment

সভাত ডাঃ ভবেন চৌধুৰীয়ে তৃণমূল পৰ্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ দলীয় কর্মীসকলক আহ্বান জনায়। সভাত উপস্থিত থাকি আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শর্মাই বিজেপি দল আৰু চৰকাৰক ঢোকা সমালোচনা কৰি 'আপ' ত যোগদান কৰি উন্নয়নৰ ৰাজনীতি অসমত প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায়।

সভাত সদৌ অসম মুক্তি যুঁজাৰু সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিজেপি কিষাণ মৰ্চাৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰুৱাক প্ৰমুখ্য কৰি কংগ্ৰেছ, বিজেপি দলৰ শতাধিক কৰ্মকৰ্তাই 'আপ' যোগদান কৰে। সভাত দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কৌণ্ডিল্যই যোগদান কৰা সকলোকে দললৈ আদৰণি জনায় আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে শোণিতপুৰ জিলাৰ সকলো পঞ্চায়তত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সাংবাদিকৰ আগত মতপ্রকাশ কৰে।

Also Read: AEC ৰ গৌৰৱময় ২৫ বছৰ উপলক্ষে ১৯৯৭-২০০১ গোটৰ মিলন অনুষ্ঠান...

আপ