১৮ সংখ্যক আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নশ্বিপৰ খেলুৱৈক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অভিনন্দন

১৮ সংখ্যক আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নশ্বিপৰ খেলুৱৈক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অভিনন্দন

author-image
Asomiya Pratidin
New Update
১৮ সংখ্যক আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নশ্বিপৰ খেলুৱৈক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অভিনন্দন

ডিজিটেল ডেস্ক : ১৮ সংখ্যক আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ তথা প্ৰতিযোগিতাৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক আৰক্ষী সঞ্চালক প্ৰধান তথা অসম আৰ্চাৰী সন্থাৰ সভপতি জ্ঞানেন্দ্র প্রতাপ সিঙে জনাইছে অভিনন্দন। উল্লেখ কৰা প্ৰয়োজন যে যোৱা ২৮, ২৯ আৰু ৩০ মার্চত আৰ্য্য বিদ্যাপীঠ কলেজ খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল ১৮সংখ্যক চিনিয়ৰ আন্তঃজিলা অসম আৰ্চাৰী চেম্পিয়নচিপ প্রতিযোগিতা।

Advertisment

এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰাৰ লগতে ভালেসংখ্যক খেলুৱৈয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে উক্ত প্ৰতিযোগিতাখন উদ্যোক্তাসকলে সাফল্যমণ্ডিতভাৱে সম্পন্ন কৰাত সভাপতি জি পি সিঙে সন্তোষ প্রকাশ কৰে।

আয়োজন সমিতিয়ে জনোৱা অনুসৰি প্ৰতিযোগিতাখনত অসমৰ ২২ খন জিলাৰ পৰা ২২০ গৰাকী খেলুৱৈয়ে যোগদান কৰিছিল। প্রথম দিনাৰ Indian Round ৰ ৫০ মিটাৰ আৰু ৩০ মিটাৰ দুৰত্ব, Indian Round Men Olympic, Indian Round women Olympic খেলসমূহ অনুষ্ঠিত কৰা হৈছিল।

প্ৰথম দিনটোৰ সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে মহানগৰ জিলা আৰক্ষী আয়ুক্ত দিগন্ত বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্রসাদ মেধি, অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো, উপসভাপতি সঞ্জীৱ দাস, মৃদুল মেধি, কামৰূপ (মেট্র')ৰ সুৰেন্দ্ৰ গোৱেল, অলিম্পিক সন্থাৰ উপসভাপতি বিষ্ণু নুনীচা। এইসকল সন্মানীয় অতিথিৰ উপস্থিতিত খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয়।

আনহাতে দ্বিতীয় দিনৰ বঁটা বিতৰণীত আৰ্য্য বিদ্যাপীঠ কলেজৰ অধ্যক্ষ ড০ প্রদীপ কুমাৰ ভট্টাচাৰ্য্যৰ লগতে অখিল ভাৰতীয় কল্যাণ, অসমৰ সম্পাদক নিত্য দলে উপস্থিত থাকে। উক্ত দিনটোত Indian Roundৰ ৫০ মিটাৰত মহেশ্বৰ বড়োৱে সোণৰ পদক লাভ কৰে।

তদুপৰি বিতুমণি স্বর্গীয়াৰীয়ে লাভ কৰে ৰূপৰ পদক, দিদৱাল বসুমতাৰীয়ে ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ ৫০ মিটাৰ শাখাত দামিনী বড়োৱে সোণৰ পদক লাভ কৰে। উক্ত শিতানতে পল্লৱী দাসে ৰূপৰ পদক আৰু সুলেখা বড়োই লাভ কৰে ব্রঞ্জৰ পদক।

প্ৰতিযোগিতাৰ দ্বিতীয় দিনাই অনুষ্ঠিত কৰা মহিলাৰ ৩০ মিটাৰ শাখাত নম্রতা ব্রহ্মই লাভ কৰে সোণৰ পদক। বিনোমা ব্রহ্ম আৰু ৰীতা বসুমতাৰীয়ে ক্ৰমে ৰূপ আৰু ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি Indian Roundsৰ পুৰুষৰ দলীয় শাখাত বাক্সা জিলাই সোণ, কামৰূপ (মেট্র') জিলাই ৰূপ আৰু কোকৰাঝাৰ জিলাই ব্রঞ্জৰ পদক লাভ কৰে। আনহাতে Indian Roundৰ মহিলাৰ দলীয় শাখাত অসম পুলিচে সোণৰ পদক লাভ কৰে। ইয়াৰোপৰি কামৰূপ (মেট্র') জিলাই ৰূপ আৰু দক্ষিণ গুৱাহাটী আৰ্চাৰী ক্লাবে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হোৱা ৰিকাৰ্ড আৰু কম্পাউণ্ড খেলত ৰিকার্ভ পুৰুষৰ ৭০ মিটাৰত বিশাল চাংমাই সোণৰ পদক লাভ কৰে। ধনীৰাম বসুমতাৰীয়ে ৰূপ আৰু আর্য্য কলেজ আচাৰী ক্লাবৰ প্ৰডাকচন বৰগয়াৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Also Read: ইতি/ আপোনাৰ ভোটাৰ...

gp singh Assam police Assam Sports Archery Championship