ইতি/ আপোনাৰ ভোটাৰ...

ইতি/ আপোনাৰ ভোটাৰ...
ইতি/ আপোনাৰ ভোটাৰ...

প্ৰিয়/ নেতা, নিৰ্বাচন সন্মুখত। সকলোৰে এটা প্ৰশ্ন ভোট দিম কাক? কোনেও নুসুধে কিয় আৰু কিহৰ বাবে ভোট দিব লাগে তেওঁক। কি কৰিছে তেওঁ দেশৰ বাবে, কি অৰিহণা তেওঁৰ সমাজৰ বাবে?

এইবাৰ হেনো সমগ্ৰ দেশতে এটা ৰাজনৈতিক দলৰ এজন নেতাই নিৰ্বাচন খেলিছে। এইয়া আপোনালোকৰ নেতাৰ নেতাই কোৱা কথা। গণতন্ত্ৰত এতিয়া এই ধাৰণাৰেই উকমুকনি।

ৰাজনীতিৰ নামত সকলোৱেই কৰি আছে দালালি। আমাৰ ধনেৰেই আমাক কিনি সজাইছে হিতাধিকাৰী। এইয়া হেনো ভোট কিনাৰ আধুনিক ৰাজনীতিৰ দালালি। হিতাধিকাৰী হ'লেই কি দিব লাগে নেকি ক্ষমতাত থকা ৰাজনৈতিক দলক আকৌ ক্ষমতাৰ চকী পাৰি?

আপোনালোক বহু চতুৰ। বিভিন্ন কৌশলেৰে জনতাক ঠগাৰ সকলো চক্ৰান্ত মূল মানুহ। নিৰ্বাচনী সভা পাতি মন ভুলোৱা কৈ দিব পাৰে প্ৰতিশ্ৰুতি। বহুতে সেই প্ৰতিশ্ৰুতিতেই ভুল গৈ আপোনালোককেই দিবগৈ ভোটটি।

কিন্তু এনে ভোটাৰো আছে বিবেকক সোধে- ভোট দিব কাক? কিহত পৃথক পূৰ্বতে শাসনত থাকি জনতা জনাৰ্দনক বিশ্বাসঘাটক কৰা সকলতকৈ? সেয়েহে নিজকে সুধিব খোজে ভোট দিব কিয় আৰু কাক?

নেতা হ'লেই সকলো যোগ্যতাৰ অধিকাৰী হয় নেকি আপোনালোক? ভোটাৰক নিৰ্বাচনৰ বতৰতে মিঠা বচন মাতি ঠগিবলৈ দিয়া হয় নেকি লাইছেঞ্চ? জীৱনদায়িনী ঔষধৰ দাম আকৌ বাঢ়িল। কিয় এবাৰ নকয় নিৰ্বাচনৰ ভাষণত এইবোৰ কথা?

কিয় বাঢ়িছে ঔষধৰ দাম? নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জীৱন কোঙা কৰা সাধাৰণ লোকসকলৰ কথা কিয় নাভাবে এবাৰ? এইসকল লোকেতো ভাবিবলৈ বাধ্য হৈছে কিয় ভোট দিব আপোনাক?

নিৰ্বাচনৰ সময়ত সকলো পাৰে। নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতহে সেইবোৰ পাহৰে। মানুহৰ কথা ইমান ভাবিব পৰা সন্মুখৰ সেই নেতাজন কিয় সময়ত অমানুহ হৈ পৰে? ৰাজনীতি এতিয়া জানো আপোনালোকৰ বাবে জনসেৱা হৈ আছে?

ৰাজনীতি যে এতিয়া ক্ষমতাৰ ব্যৱসায় সাধাৰণ মানুহেও বুজে। আমাৰ দৰে সাধাৰণ মানুহৰেই দুৰ্ভাগ্য আপোনালোকে নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈ চাইকেল চলালে আমি আপোনালোকক আমাৰ দৰেই এজন সাধাৰণ লোক বুলি ভাবোঁ।

ভোট ভিক্ষা কৰিবলৈ আহি দৰিদ্ৰ লোকৰ ঘৰত নিশা আলহী হোৱোতো আমাৰ দেশত এতিয়া ৰাজনীতি। মানুহক সন্মোহিত কৰিব পৰা নিৰ্বাচনী প্ৰচাৰৰ নীতি। আপোনালোক নিৰ্বাচনৰ সময়ত হৈ পৰে একোজন সু-অভিনেতা।

তেনে অভিনেতাক ভোট দি লাভ কি? অৱশ্যে আপোনালোকে বিকল্প দিব নোখোজে আমাক। বিকল্পৰ দুৱাৰ আপোনালোকে ভালদৰে বন্ধ কৰিব জানে। চি বি আই, ই ডি আপোনালোকৰ বাবে মহা অস্ত্ৰ।

ইচ্ছা গলেই আপোনালোকে ল'ব পাৰে কাৰোবাৰ পৰা ধন, পঠাই দিব পাৰে কাৰোবাক জে'ললৈ। ইমান ক্ষমতাশালী আপোনালোক যে, ক'ৰ পৰা, কোন জিকিব, আপোনালোকৰ আসনৰ সংখ্যা কিমান হ'ব সেই কথা আজিয়েই কৈ দিব পাৰে।

ইমান চতুৰ আপোনালোক বিৰোধী শিবিৰত চিপৰাং মাৰিবলৈ আপোনালোকৰ চাউদাং থাকে, স্বাৰ্থৰ বাবে ৰাতিৰ ভিতৰতে নেতাক কিনি আনিব পাৰে। ইচ্ছা গ'লেই আপোনালোকে ভবাৰ ধৰণেই ৰাজনৈতিক বতাহ বলাব পাৰে।

সেইবোৰ দেখি বহুতে দ্বিতীয়বাৰ নাভাবে ভোট দিব কাক। আন কিছুৱে দহবাৰ ভাবে কিয় ভোট দিব লাগে আপোনালোকক। আপোনালোকৰ দলীয় মজিয়াত আছে দুৰ্নীতি নিকা কৰা পুখুৰী। দাগী আচামীৰ গাত থকা অভিযোগ ধুই পেলাব পৰা সাম্প্ৰদায়িক পানী।

যি ইচ্ছা তাকেই কৰিব পাৰে আপোনালোকে। কৰিব নোৱাৰে মাথো এটা কাম। সাধাৰন মানুহৰ মনত জন্ম হোৱা বিদ্বেষ আঁতৰাবলৈ নাই আপোনালোকৰ কোনো শক্তি। হয়তো আজি আপোনালোকে ভোট পাব, বহু ভোট। কিন্তু লাহে লাহে বাঢ়ি অহা সেই বিদ্বেষে সৃষ্টি কৰিব অহংকাৰৰ বিৰুদ্ধে এখন প্ৰাচীৰ। আজি আপোনালোক ক্ষমতাত অন্ধ। আজি আপোনালোকৰ হাতত দেশ অৰ্পিত। আওঁবাটেৰে আপোনালোকে জনতাক লুণ্ঠন কৰি আছে। পুঁজিপতিসকলৰ হাতৰ মুঠিত সোমাই দেশ চলাইছে।

বিজ্ঞাপনত দেশৰ উন্নয়নৰ প্ৰতিচ্ছবি দেখুৱাইছে। কেনেকৈ পলিটিকেল মাৰ্কেটিং কৰিব লাগে সেই কিটিপ শিকি পেলাইছে। তাকেই দেখি বহুতে দেশ আজি প্ৰগতিৰ তুংগত বুলি বিশ্বাস কৰিব লৈছে। তাৰ মাজতেই বহুলোক আছে, আপোনালোকৰ সেই আঁৰৰ কথাবোৰ বুজে। দেখিও নেদেখাৰ ভাও জুৰি থাকিবলগা হৈছে। নিজকে নিজেই সুধিবলগা হৈছে ভোট দিব কাক?

বছৰত ১ এপ্ৰিলত ''এপ্ৰিল ফুল'' আহে এবাৰ। দেশত ৫ বছৰৰ মূৰত আহে সেই ''এপ্ৰিল ফুল'' যাৰ নাম নিৰ্বাচন। এই বতৰত আপোনালোকে যিমান ইচ্ছা, সিমান মিছা মাতিব পাৰে।

ইতি/ আপোনাৰ ভোটাৰ...
বিশ্বেশ্বৰ হাজৰিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in