GNRC ছয়মাইলৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

 GNRC ছয়মাইলৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
GNRC ছয়মাইলৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল সংবাদ গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ ছুপাৰ স্পেচিয়েলিটি জি এন আৰ চি হাস্পাতালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজলৈ নিৰবচ্ছিন্নভাবে চিকিৎসা সেৱা আগবঢ়াই অহা ছুপাৰ স্পেচিয়েলিটী চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চিৰ ছয়মাইল শাখাই আজি সফলতাৰে ১৬ বছৰত ভৰি দিলে।

সেয়েহে ১৬ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আজি ছয়মাইল চৌহদত আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়াই অহা দুগৰাকী অগ্রণী ব্যক্তিক জি এন আৰ চি পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা হয়।

তেখেতসকল হ'ল, ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকছনৰ মুখ্য পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়ছোৱাল আৰু এন কে টিভিৰ কনছাল্টিং এডিটৰ প্ৰণয় বৰদলৈ।

অনুষ্ঠানটিত উপস্থিত থাকি ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু জি এন আৰ চি হাস্পতালৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে, ‘সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জি এন আৰ চিৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সাফল্যমণ্ডিত কৰি তোলাত ৰাইজৰ লগতে মোৰ সহকৰ্মী আৰু সংবাদ মাধ্যমৰ অৱদানৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। সেয়েহে আমি জি এন আৰ চিয়ে সকলোৰে বাবে স্বাস্থ্য সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ উদ্দেশ্য সফল কৰিবলৈ আজিৰ এই প্ৰতিষ্ঠা দিৱসত প্রতিশ্রুতিবদ্ধ হৈছো।'

উপযুক্ত চিকিৎসা সেৱাৰ জৰিয়তে নিৰোগী সুস্থ সবল সমাজ এখন আৰু অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী দেশ গঢ়াৰ উদ্দেশ্য আগত ৰাখি ২০১৭ চনত ব্যয়সাধ্য স্বাস্থ্য আঁচনিৰ সূচনা কৰা হৈছিল। এই অভিযানত স্বাস্থ্যমিত্ৰসকলে সকলোৰে ঘৰে ঘৰে গৈ এইপর্যন্ত এক কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

এতিয়ালৈকে এই আঁচনিৰ অধীনত ১,৮৪,৯৪৪ জন ৰোগীক যাতায়াত আৰু চিকিৎসা সেৱা বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে। ২০১৪ চনতে শুভাৰম্ভ কৰা জৰুৰীকালীন তথা আঘাতপ্ৰাপ্ত আঁচনিৰ যোগেদি এতিয়ালৈকে ১৫,৮৬৯জন ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।

২০১৮ চনৰ পৰা এতিয়ালৈকে জি এন আৰ চি ছয়মাইলত মৃগীৰোগ সৰ্বসেৱা কেন্দ্ৰৰ যোগেদি ১৯,৬১০ জন ৰোগীক ভি ডি অ' ইইজি, ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৫৯,৭১৫জন ৰোগীক এম আৰ আই আৰু ৯৫,৫৩৯ জন ৰোগীক ন্যূনতম ব্যয়ত চিকিৎসা প্ৰদান কৰা হৈছে। অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ যোগেদি এতিয়ালৈকে ৩,২৩০ জন ৰোগীক জি এন আৰ চি ছয়মাইলত চিকিৎসা প্ৰদান কৰা হৈছে।

জি এন আৰ চি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰে উপস্থিত ৰাইজক উদ্দেশ্যি আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে জি এন আৰ চিৰ আঁচনিসমূহৰ উদ্দেশ্য ব্যাখ্যা কৰে। ৰোগীৰ বাবে আকাংক্ষিত ফলাফল লাভ কৰাৰ উদ্দেশ্যে জি এন আৰ চি ছয়মাইলৰ কোৱালিটী বিভাগৰ তৰফৰ পৰা চিকিৎসাৰ গুণগত মান বজাই ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় হাস্পতালৰ বাবে স্বীকৃত ব'ৰ্ড আৰু স্বাস্থ্যসেৱা প্রদানকাৰীয়ে (National Accreditation Board for Hospital and Healthcare Providerers (NABH) নির্ধাৰিত কৰা নির্দেশনাৱলীসমূহ নিয়মিতভাবে পর্যবেক্ষণ কৰি থকা হয়।

ইয়াৰ উপৰিও হাস্পতালৰ বাবে স্বীকৃত ব'ৰ্ড আৰু চিকিৎসা সেৱা প্ৰদানকাৰীৰ দ্বাৰা স্বীকৃত গুণগত মান আৰু উপাদানসমূহৰ লগত নিৰবচ্ছিন্নভাবে একাত্ম হৈ যোৱাৰ উদ্দেশ্যে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক নিয়মিত প্রশিক্ষণ দি অহা হৈছে। ৰোগীক উন্নতমানৰ যত্ন, পৰিষ্কাৰ-পৰিচ্ছন্নতাবে চিকিৎসা সেৱা প্ৰদান কৰাই জি এন আৰ চি ছয়মাইলৰ লক্ষ্য।

জি এন আৰ চি লিমিটেডৰ কাৰ্যবাহী সঞ্চালক শতাব্দী বৰাই তেখেতৰ চমু ভাষণত কয় যে, আজি আমি এই অনুষ্ঠানত উপস্থিত অগ্রণী ব্যক্তিসকলক সন্মান জনাবলৈ সুযোগ পোৱা বাবে কৃতার্থ অনুভৱ কৰিছো আৰু আমাৰ সমাজখনৰ প্ৰতি তেওঁলোকৰ অতুলনীয় অৱদানৰ বাবে ধন্যবাদ যাচিছো। আজিৰ আমাৰ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে মই মোৰ সহকৰ্মী, সংবাদ মাধ্যম আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। জি এন আৰ চি পৰিয়ালৰ সকলো সদস্যলৈ তেওঁলোকৰ নিৰৱচ্ছিন্ন সেৱা আৰু সমৰ্পণৰ মনোভাবৰ বাবে ধন্যবাদ জনাইছো।

 GNRC ছয়মাইলৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
নয়ন কুমাৰ বৰুৱাক বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুৰব্বী হিচাপে নিযুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in