অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...

অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...
অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ সমগ্ৰ যোৰহাটকে লজ্জানত কৰা ঘটনা সন্দৰ্ভত অভিযুক্তৰ ছাত্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে আন দুনজ ছাত্ৰক। বিভিন্ন জনেৰে অশ্লীল ছবি নিৰ্মাণ কৰি নিষিদ্ধ ৱেবছাইটত আপলোড কৰি সহজ ধন উপাৰ্জনৰ জাল পতা এই কাণ্ড পোহৰলৈ আহিছিল ৭২ বছৰীয়া এক বৃদ্ধই আত্মহত্যা কৰাৰ ঘটনাৰ পাছতে।

উল্লেখ্য যে, যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে গোপনে অশ্লীল কাণ্ডৰ ভিডিঅ’ প্ৰস্তুত কৰি নিষিদ্ধ ৱেব ছাইটত আপলোড কৰাৰ পাছতে অঞ্চলটোত এই বিষয়ে প্ৰচাৰ চলে। ইতিমধ্যে বিভিন্নজনৰে অশ্লীল কাম-কাজৰ ভিডিঅ' প্ৰস্তুত কৰি নিষিদ্ধ ৱেব ছাইটত আপলোড কৰা যুৱতীগৰাকীৰ জালত পৰিছিল স্থানীয় এজন ৭২ বছৰীয়া বৃদ্ধ।

চৰ্চা অনুসৰি এই বৃদ্ধগৰাকীয়ে নজনাকৈয়ে সকলো অপকৰ্মৰ দৃশ্য ভিডিঅ' আঁকাৰে প্ৰস্তুত কৰি ৱেব ছাইটত আপলোড কৰিছিল এই ছাত্ৰীগৰাকীয়ে। ইফালে সেই নিষিদ্ধ সময়ৰ দৃশ্য গাওঁখনৰ একাংশৰ হাতে হাতে পৰাৰ পাছতহে বৃদ্ধগৰাকীয়ে এই বিষয়ে জানিবলৈ সক্ষম হৈছিল।

পৰিণতিত মুখ লজ্জা নিবাৰণৰ বাবে অভিযুক্ত ছাত্ৰীগৰাকীৰ একে গাঁৱেৰ এই ৭২ বছৰীয়া বৃদ্ধগৰাকীয়ে শুকুৰবাৰে আত্মহত্যা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান প্ৰাপ্তিৰে উত্তীৰ্ণ হোৱা এই শিক্ষাৰ্থীগৰাকীৰ লগতে একাংশৰ নৈতিক স্খলনে এতিয়া সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে।

ইফালে এই ছাত্ৰীগৰাকীক এইদৰে অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাত সহযোগ কৰি অহা তেওঁৰ দুই সতীৰ্থ ছাত্ৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা জব্দ কৰিছে মোবাইল ফোন, লেপটপ আদি।

আৰক্ষীয়ে জব্দ কৰা লেপটোৰ পৰাই নিষিদ্ধ ৱেব ছাইটত ভিডিঅ’ আপলোড কৰাৰ তথ্য উন্মোচন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দুই ছাত্ৰৰ নাম অভিশেষ কাশ্যপ আৰু কিশালয় শৰ্মা।

মন কৰিবলগীয়া যে, কেনেকৈ আৰু কি পৰিস্থিতিত এইদৰে এগৰাকী মেধাৱী ছাত্ৰীয়ে এখন নিষিদ্ধ জগতত প্ৰৱেশ কৰিলে তাক লৈ এতিয়া সৰৱ চৰ্চা চলিছে। এই চক্ৰটোৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ। সেয়ে এতিয়া সকলোৱে বিচাৰিছে সঠিক তদন্ত।

অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...
ব্ৰহ্মপুত্ৰকে ধৰি ৪ খন নদীৰ খহনীয়াৰ প্ৰতিৰোধ, দলং নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in