অপৰাধে জোকাৰিছে গুৱাহাটীঃ এইবাৰ ১৩ বছৰীয়া কিশোৰীক কৰিলে ধৰ্ষণ...

অপৰাধে জোকাৰিছে গুৱাহাটীঃ এইবাৰ ১৩ বছৰীয়া কিশোৰীক কৰিলে ধৰ্ষণ...
অপৰাধে জোকাৰিছে গুৱাহাটীঃ এইবাৰ ১৩ বছৰীয়া কিশোৰীক কৰিলে ধৰ্ষণ...

ডিজিটেল ডেস্কঃ এটাৰ পাছত আন এটা অপৰাধে জোকাৰিছে মহানগৰী। বন্দনা কলিতাই সংঘটিত কৰা হত্যাকাণ্ডই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে পোহৰলৈ আহিছিল মহানগৰীৰ ভৱানীপুৰৰ আন এক হত্যাকাণ্ডৰ খবৰ।

ইয়াৰ পাছতে আহিছে আন এক ভয়ংকৰ অপৰাধৰ খবৰ। এইবাৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ খবৰ আহিছে মহানগৰীৰ পাণ্ডু অঞ্চলৰ পৰা।

জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ পাণ্ডু অঞ্চলত সংঘটিত হৈছে এক কিশোৰী ধৰ্ষণৰ ঘটনা। এগৰাকী ১৩ বছৰীয়া কিশোৰীক বাদল দাস নামৰ এজন লোকে ধৰ্ষণ কৰা অভিযোগ উত্থাপন হৈছে।

বাদল দাস নামৰ এই লোকজনক আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে। উল্লেখ্য যে, বন্দনা কলিতাই সংঘটিত কৰা হত্যাকাণ্ডৰ খবৰে ৰাজ্য তোলপাৰ লগাই থকাৰ মাজতে আজি সন্ধিয়া আহিছিল গুৱাহাটীৰ আন এক হত্যাকাণ্ডৰ খবৰ।

বিগত কেইবাদিনো ধৰি নিৰুদ্দিষ্ট হৈ থকা গৌতম গোঁহাই নামৰ এজন যুৱকৰ মৃতদেহ নিজৰ ঘৰৰ পিছফালেই উদ্ধাৰ হৈছে। পৰিয়ালৰ লোকে গৌতমৰ নিৰুদ্দিষ্ট হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। আজি গৌতমৰ মৃতেদহ নিজ বাসগৃহৰ পিছফালেই উদ্ধাৰ হোৱাত এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত হৈছে।

অপৰাধে জোকাৰিছে গুৱাহাটীঃ এইবাৰ ১৩ বছৰীয়া কিশোৰীক কৰিলে ধৰ্ষণ...
৩১ সংখ্যক সোমেশ্বৰ শইকীয়া ,ভোলানাথ হাজৰিকা ভলীবল প্ৰতিযোগিতা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in