/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ede12794-cd2d-4780-b004-d58f096c925a/VOLLEYBALL_20.jpg)
৩১ সংখ্যক সোমেশ্বৰ শইকীয়া ,ভোলানাথ হাজৰিকা ভলীবল প্ৰতিযোগিতা সম্পন্ন...
ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ সমষ্টিৰ ঠেঙাল মৌজাৰ ঐতিহ্য মণ্ডিত যুৱ সংঘ 'নৱ জাগৰণ যুৱ সংঘ আৰু পুথি ভঁৰাল'ৰ উদ্যোগত ৩১ সংখ্যক ৰাজ্যিক ভিত্তিত ভলীবল প্ৰতিযোগিতাখন কালি সফলতাৰে সম্পন্ন হয়।কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত যুৱ সংঘৰ প্ৰাংগণৰ পথাৰত অনুষ্ঠিত অতি উচ্চ মানৰ উত্তেজনাময় প্ৰতিযোগিতাখনত গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে তেজপুৰ দলক পোনপটীয়া চেতত ২ - ০ ব্যৱধানত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অর্জন কৰে ।
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ কিনাৰাম বৰা সোঁৱৰণী বঁটা লাভ কৰে বিদ্যুৎ পৰিষদৰ অমৰ বড়োৱে। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনত ৰাজ্যৰ আগশাৰীৰ ৬ টা দলে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখন উপভোগ্য কৰি তোলে।
ঠেঙাল কছাৰী স্বয়ত্ব শাসিত পৰিষদৰ জালুকনিবাৰী সমষ্টিৰ কাৰ্যবাহী সদস্য শ্যাম্যল কৃষ্ণ বৰাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি যুৱ সংঘই সংঘৰ প্ৰতিস্থাপক সভাপতি সম্পাদক ব্ৰজেন বৰা ঋতুপৰ্ণ হাজৰিকা,নৰেন চুতীয়াকে আদি কৰি বহু কেইজন লোকক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। পুৱা যুৱ সংঘৰ সভাপতি সৌৰভ হাজৰিকাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা আৰু বিশিষ্ট সাংবাদিক, ঋতুপৰ্ণ হাজৰিকাই আঁত ধৰা বঁটা বিতৰণী সভাত দাতা পৰিয়ালৰ সোমেশ্বৰ শইকীয়াৰ পুত্ৰ প্ৰবীণ শইকীয়া আৰু ভোলানাথ হাজৰিকা পৰিয়ালৰ অংকুৰ হাজৰিকাই বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b642dfd4-fa03-4af5-96f2-f2de71dc22fc/4de222d3_7585_4f86_a701_c17c19a30cd3.jpg)
অন্য হাতে বিগত ৩১ বছৰে ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি অহাত মূল ভূমিকা গ্ৰহণ কৰি অহা প্ৰবীণ খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক বীৰেন হাজৰিকাক বিপুল সম্বৰ্ধনা জনোৱা হয়।
Also Read: বৰহোলাত বাল্য বিবাহ-নিচা জাতীয় দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে সজাগতা সমদল...