গুৱাহাটী প্ৰেছ ক্লাৱত কুঁহিপাতৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত ১০খনকৈ গ্ৰন্থ উন্মোচন

গ্ৰন্থৰ পৱিত্ৰতা ভগৱানৰ বিগ্ৰহৰ দৰে- সাহিত্যিক-নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা
গুৱাহাটী প্ৰেছ ক্লাৱত কুঁহিপাতৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত ১০খনকৈ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,গুৱাহাটী : "গ্ৰন্থৰ পবিত্ৰতা ভগৱানৰ বিগ্ৰহৰ দৰে। কালাতীতভাৱে মহাভাৰতীয় সভ্যতাই ঈশ্বৰ আৰু গ্ৰন্থক সমভাৱে শ্ৰদ্ধা নিবেদন কৰি আহিছে। যদিহে বিশ্ব ব্ৰহ্মাণ্ডত গ্ৰন্থৰ ধাৰণা নাথাকিল হয়;তেন্তে মানুহ চন্দ্ৰত অৱতৰণ কৰিব নোৱাৰিলেহেঁতেন। সেয়ে যিকোনো গ্ৰন্থৰ জন্মদিনটোক শুভংকৰৰ প্ৰতীক বুলি ক'ব পাৰি।"

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত কুঁহিপাতঃ সাহিত্য চৰ্চাৰ প্ৰাংগন শীৰ্ষক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি তথা গ্ৰন্থ উন্মোচকৰূপে উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা শিক্ষাব্ৰতী ধ্ৰুৱজ্যোতি শৰ্মাই। বিশিষ্ট লেখিকা জয়শ্ৰী শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত সুবক্তা শৰ্মাই আকৌ কয়- কুঁহিপাত সংগঠনটো নামে কামে শুৱনি, সুৱদী। অসমৰ ভিন্ন প্ৰান্তৰ সৃজনীশীল,সমাজমুখী আই-মাতৃ,ভাতৃসকলক একতাৰ ডোলেৰে বান্ধিছে। নতুন প্ৰতিভাক উৎসাহ-উদ্দীপনা যোগাই পুৰস্কাৰ প্ৰদান কৰিছে, সাধুকথা,গল্প,কবিতাৰ প্ৰতিযোগিতা পাতিছে,এই প্ৰচেষ্টাই সমাজ উপকৃত কৰিব।

কবিতা গগৈ বৰগোহাঁয়ে আদৰণি জনোৱা তথা দীপক ভট্টাচাৰ্য্যই আঁত ধৰি উদ্দেশ্যে বাখ্যা কৰা সভাখনত ধ্ৰুৱজ্যোতি শৰ্মাই উন্মোচন কৰে তিলোত্তমা দত্তৰ "অন্তৰ্দাহ", লেখক চিৰণজিৎ দত্তৰ "উন্মেষ",শুৱলা বৰ্মনৰ "কল্পতৰু",কবিতা বৰগোহাঞিৰ "ৰ'দমুৱা কুঁহিপাত" আৰু "সোঁতৰ বিপৰীতে"।

আন এগৰাকী গ্ৰন্থ উন্মোচক অসম কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ কুমাৰ দাসে উন্মোচন কৰে "গজালি", "কথা মঞ্জৰী", দিপ্তী দত্তৰ "জোনজ্বলা সময়" আৰু অঞ্জনা দেৱীৰ "ৰৌদ্ৰস্নাত অমিতাভ বৰ্ণ" । কুঁহিপাতৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিক্ষাব্ৰতী, সাহিত্যিক ড০ অনুৰাধা শৰ্মাই ।

অনুৰাধা শৰ্মাই নিজৰ ভাষণত কয়- এটা অনুষ্ঠান জন্ম দিয়া সহজ, কিন্তু তাক ধৰি ৰখা কঠিন। ভাষা সাহিত্যৰ গতিধাৰাত কুঁহিপাতৰ অৱদান এদিন নহয় এদিন স্বীকৃত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট লেখক, ভাৰতীয় প্ৰশাসনিক সেৱা নিবৃত্ত থানেশ্বৰ মালাকৰে।

অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি শুভকামনা জনাই কুঁহিপাতৰ সতীৰ্থসকলক। আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰঞ্জুমালা গগৈয়ে। ইয়াৰ পিছত কুঁহিপাতৰ কবি সন্মিলন,সতীৰ্থ সম্বৰ্দ্ধনা আৰু অধিৱেশন সম্পন্ন হয় । কবি সন্মিলনৰ সঞ্চালন কৰে কবি, অনুবাদক তাৰিণী শইকীয়াই।

গুৱাহাটী প্ৰেছ ক্লাৱত কুঁহিপাতৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত ১০খনকৈ গ্ৰন্থ উন্মোচন
বনভোজ খাই অহাৰ পথত মদন কামদেৱ হাইস্কুলৰ সমীপত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in