বনভোজ খাই অহাৰ পথত মদন কামদেৱ হাইস্কুলৰ সমীপত পথ দুৰ্ঘটনা : এজনৰ মৃত্যু

road accident
road accident

ডিজিটেল সংবাদ,দুমুনিচকী : বনভোজ খাই ওভতাৰ পথত দেওবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মদন কামদেৱ হাইস্কুলৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। জানিব পৰামতে, দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বুঢ়াদৈ চপৰা গাঁৱৰ হিৰাপাৰা নিৱাসী তৰুন দাসে (৩০) আজি সমনীয়াৰ সৈতে মদন কামদেৱ দেৱালয়ত বনভোজ খাবলৈ গৈছিল।

সন্ধিয়া এ এচ ২৫ এল ৩১৬৫ নম্বৰৰ এনফিল্ড বাইক চলাই উভতাৰ পথত মদন কামদেৱ হাইস্কুলৰ সমীপত বিপৰীতমুখী এ এচ ১৩ ই ৬৭৭৭ নম্বৰৰ মাৰুতি অল্ট এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত পথৰ ওপৰত ছিটিকি পৰা তৰুণ দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোকৰ সহায়ত মুমূর্ষু অৱস্থাত থকা তৰুণ দাসক দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি অল্টখনত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত লৈ যায় যদিও চিকিৎসকে তৰুণ দাসক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে তৰুণ দাস গুৱাহাটীৰ এখন হোটেলৰ কৰ্মচাৰী আছিল।

ঘটনাৰ বিষয়ে বাইহাটা চাৰিআলি থানাৰ আৰক্ষী অবগত হোৱাত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত এনফিল্ড বাইক আৰু মাৰুতি অল্টখন থানালৈ আনি মৃত তৰুণ দাসৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

road accident
বাটমাৰী-গেদেৰীজান সীমাত মদ-জুৱাৰ আড্ডা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in