/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-18-30-45.jpg)
ডিজিটেল ডেস্কঃ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে ঘানাত বাস কৰা ১৫ হাজাৰতকৈ অধিক ভাৰতীয় মূলৰ নাগৰিকক ‘ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত’ বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰী মোডীক ঘানাৰ ৰাষ্ট্ৰপতিয়ে ‘ঘানাৰ অৰ্ডাৰৰ অৰ্ডাৰ অফিচাৰ’ সন্মানেৰে সন্মানিত কৰে। এইটো ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাৰ সংখ্যা ২৪টালৈ বৃদ্ধি পাইছে। এই ভ্ৰমণৰ উদ্দেশ্য আছিল দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত ভাৰতে ঘানাৰ সৈতে চাৰিখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত ভাৰত-ঘানাৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ বুজাবুজি চুক্তি, ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ আৰু ঘানা ষ্টেণ্ডাৰ্ডছ অথৰিটিৰ মাজত বুজাবুজি চুক্তি, আইটিএম (ঘানা) আৰু আইটিআৰএ (ভাৰত)ৰ মাজত বুজাবুজি চুক্তি আৰু যুটীয়া আয়োগৰ বৈঠকৰ বুজাবুজি চুক্তি।
প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক চুক্তিত উপনীত হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ‘ভাৰত আৰু ঘানাৰ মাজত বাণিজ্যৰ পৰিমাণ ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। অহা ৫ বছৰত ইয়াক দুগুণ কৰাৰ লক্ষ্য।
ঘানাত স্বাস্থ্যৰ আন্তঃগাঁথনি আৰু ভেকচিন হাব স্থাপন কৰাত ভাৰতে সহায় কৰিব। ভাৰতে কভিড-১৯ মহামাৰীৰ সময়ত ঘানাক সহায় কৰিছিল। সেই সময়ত ভাৰতে ঘানাক ছয় লাখ কভিড ভেকচিন দিছিল বুলিও উল্লেখ কৰে শ্ৰী মোডীয়ে।
উল্লেখ্য যে,ঘানা ভ্ৰমণ কৰা ভাৰতৰ তৃতীয়জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইয়াৰ পূৰ্বে ১৯৫৭ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে আৰু ১৯৯৫ চনত নৰসিংহ ৰাৱে এই দেশখন ভ্ৰমণ কৰিছিল। ৩০ বছৰৰ পাছত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।