আজি বছৰৰ আটাইতকৈ চুটি দিন

দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে স্বাভাৱিকভাৱেই আমাৰ বহু কথা মনৰ পৰা আঁতৰি যায়।

author-image
Asomiya Pratidin
New Update
আজি বছৰৰ আটাইতকৈ চুটি দিন

ডিজিটেল ডেস্ক: দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে স্বাভাৱিকভাৱেই আমাৰ বহু কথা মনৰ পৰা আঁতৰি যায়। যেনে, কিছুমান বিশেষ দিন, বিশেষ সময় অথবা বিশেষ পৰিকল্পনা।সচৰাচৰ পাহৰি থকা তেনে এটা বিশেষ দিন ২২ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটো।হয়, আজি বছৰটোৰ ভিতৰতে আটাইতকৈ চুটি দিন।

Advertisment

আজিৰ দিনটো সঁচা অৰ্থত এটা বিশেষ দিন।ইয়াক ডিচেম্বৰ অয়নান্ত, হাইমাল অয়নান্ত বা হাইবাৰনেল অয়নান্ত বুলিও কোৱা হয়।আজিৰ দিনটোত অৰ্থাৎ ২২ ডিচেম্বৰত সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তিত লম্বভাৱে পৰে।যাৰ বাবে দক্ষিণ গোলাৰ্ধত এই সময়ত গ্ৰীষ্ম ঋতু হয় আৰু ইয়াত দিনটো দীঘল আৰু ৰাতি চুটি হয়।ইয়াৰ বিপৰীতে উত্তৰ গোলাৰ্ধত এই সময়ত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে।যাৰ বাবে এই দিনটোত দিন চুটি আৰু ৰাতি দীঘল হয়।

 আনহাতে, যেতিয়া পৃথিৱীৰ এটা মেৰু ইয়াৰ সৰ্বাধিক দূৰত্বত সূৰ্যৰ পৰা আঁতৰত হেলনীয়া হয়, তেতিয়া বছৰটোৰ আটাইতকৈ দীঘল ৰাতিৰ সৈতে সূৰ্যৰ পৰা আঁতৰত থকাৰ বাবে দিনটো আটাইতকৈ কম সময়ৰ দিবালোক হয়। এই দিনটো প্ৰতি বছৰে ২১ অথবা ২২ ডিচেম্বৰত এবাৰকৈ চিহ্নিত কৰা হয়।

অনাদিকালৰ পৰাই এই দিনটোৰ সৈতে বিভিন্ন পৰম্পৰা আৰু ৰীতি নীতিও জড়িত হৈ আছে। ইৰাণৰ লোকসকলে এই দিনটোক ইয়ালদা উৎসৱ হিচাপে উদযাপন কৰে।

Also Read: Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী