/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2365ee56-4519-4ab8-a210-3d2aeaec4458/AP_FOR_WEB_mountain.jpg)
ডিজিটেল ডেস্ক: পৰ্বত হৈছে ভূমিৰ বৈশিষ্ট্য যি শৃংগৰ ৰূপত চাৰিওফালৰ এলেকাৰ ওপৰলৈ উঠি যায়। যেতিয়া পৃথিৱীৰ ভূত্বক আৰু মেণ্টেলৰ টেকটনিক প্লেটবোৰৰ ইটোৰ সিটোৰ সৈতে সংঘৰ্ষ হয়, তেতিয়া পৰ্বতৰ সৃষ্টি হয়। পৃথিৱীৰ আগ্নেয় শক্তিয়েও পৰ্বত সৃষ্টি কৰিব পাৰে। পৰ্বতবোৰ উচ্চতাৰ সমাৰ্থক। সেয়েহে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনবোৰ বুলি প্ৰায়ে সকলো চিন্তিত হয়।আজি পৃথিৱীৰ শীৰ্ষৰ ১০ টা সৰ্বোচ্চ পৰ্বত শৃংগৰ বিষয়ে জানো আহক-
মাউন্ট এভাৰেষ্ট
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f27e1c7a-a6c2-4622-be73-d91b52c50419/Mount_Everest.webp)
মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ।ইয়াৰ উচ্চতা ৮,৮৪৯মিটাৰ। এই শৃংগটো হিমালয়ৰ মহালাংগুৰ পৰিসৰত আৰু নেপাল আৰু চীনৰ সীমাৰ ভিতৰত অৱস্থিত। এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি। তেওঁলোকে ১৯৫৩ চনৰ ২৯ মে'ত এই কৃতিত্ব অৰ্জন কৰিছিল।
কে২
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/64fd965a-443d-4883-992b-6881739c3288/k2.jpg)
কে ২ৰ উচ্চতা ৮,৬১১মিটাৰ।ই হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত। ইয়াক ‘চেভেজ মাউণ্টেইন’, ‘পৰ্বতাৰোহী পৰ্বত’ আৰু ‘পৰ্বতৰ ৰজা’ বুলিও জনা যায়। পৃথিৱীৰ আটাইতকৈ ভয়াৱহ পৰ্বতসমূহৰ অন্যতম কে ২। কে ২ পৰ্বত বগাবলৈ চেষ্টা কৰোতে প্ৰায় ২০ শতাংশ পৰ্বতাৰোহীৰ মৃত্যু হয়। লিনো লেচেলি আৰু একিলি কমপাগনোনি ১৯৫৪ চনত কে ২ পৰ্বত বগোৱা প্ৰথম ব্যক্তি আছিল।
কাঞ্চনজংঘা
কাঞ্চনজংঘাৰ উচ্চতা ৮,৫৮৬ মিটাৰ। ১৯৫৫ চনৰ ২৫ মে'ত জো ব্ৰাউন আৰু জৰ্জ বেণ্ড ক্লিমে প্ৰথমবাৰৰ বাবে কাঞ্চনজংঘা আৰোহণ কৰিছিল। ১৮৫৬ চনৰ আগতে কাঞ্চনজংঘাক পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত বুলি ধাৰণা কৰা হৈছিল। কিন্তু ভাৰতীয় মহান ত্ৰিকোণমিতিক জৰীপত দেখা গৈছিল যে কাঞ্চনজংঘা প্ৰকৃততে এভাৰেষ্ট আৰু কে২ৰ পিছত তৃতীয় সৰ্বোচ্চ পৰ্বত। ইয়াৰ শৃংগবোৰ নেপাল আৰু ভাৰতৰ ছিকিম ৰাজ্যত অৱস্থিত।
Also Read: 10 Best Picnic Spots in Assam: অসমৰ কেইখনমান উল্লেখনীয় বনভোজস্থলী
ল’টছ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4cf31bb0-e6e7-4426-8e68-cb6e1380f6d8/Lhotse.jpg)
তিব্বতীয় ভাষাত ল'টছৰ অৰ্থ ‘দক্ষিণ শৃংগ’। ৮,৫১৬ মিটাৰ উচ্চতাৰ ল'টছ হৈছে বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ পৰ্বত। ১৯৫৬ চনৰ ১৮ মে’ত ফ্ৰিটজ লুচিংগাৰ আৰু আৰ্নষ্ট ৰেইছে পোনপ্ৰথম বাৰৰ বাবে ল’টছ আৰোহণ কৰিছিল।
মাকালু
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/628c8969-a10a-4351-9caf-6838f75d386d/makalu.jpg)
মাকালু শৃংগটো নেপাল আৰু চীনত অৱস্থিত। ৮,৪৮৫ মিটাৰ উচ্চতাৰ এই শৃংগটো বিশ্বৰ পঞ্চম সৰ্বোচ্চ শৃংগ। ১৯৫৫ চনৰ ১৫ মে’ত ফৰাচী পৰ্বতাৰোহী লিয়োনেল টেৰাই আৰু জিন কুজিয়ে মাকালুত পোন প্ৰথম বাৰৰ বাবে ভৰি দিছিল। মাকালু মহালাংগুৰ হিমালয় পৰিসৰৰ অংশ।
চো ওয়ু
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0781fc07-8a78-4dee-8a9e-574df250aa41/download.jpg)
মাউণ্ট চো ওয়ু চীন আৰু নেপালৰ সীমাত অৱস্থিত। তিব্বতীয় ভাষাত চো ওয়ু ৰ অৰ্থ হৈছে টাৰ্কুইছ দেৱী। ১৯৫৪ চনৰ ১৯ অক্টোবৰত হাৰ্বাৰ্ট টিচি, যোচেফ যোচলাৰ আৰু পাচাং দাৱা লামাই চো ওয়ু আৰোহণ কৰা প্ৰথম ব্যক্তি।এই শৃংগটোৰ উচ্চতা ৮,১৮৮ মিটাৰ।
ধৌলাগিৰি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d11b95dc-8b19-4cbf-9c5f-d1dc376cdd4b/dhulagiri.jpg)
ধৌলাগিৰি পৰ্বতৰ উচ্চতা ৮,১৬৭ মিটাৰ। ই সম্পূৰ্ণৰূপে নেপালৰ সীমাৰ ভিতৰত অৱস্থিত। ধৌলাগিৰি নেপালৰ সৰ্বোচ্চ শৃংগ আৰু নেপালত এই নামৰ অৰ্থ হৈছে ‘ধুনীয়া বগা পৰ্বত’।নেপালৰ কালিগণ্ডাকী নদীয়ে ধৌলাগিৰি আৰু অন্নপূৰ্ণা শৃংগৰ মাজত কালিগণ্ডাকী খাদৰ সৃষ্টি কৰিছে।এই খাদটে পৃথিৱীৰ আটাইতকৈ গভীৰ খাদ। ১৯৬০ চনৰ ১৩ মেত কুৰ্ট ডিমবাৰ্গাৰ, এ. শ্বেলবাৰ্ট, ই. ফ'ৰেৰ, নাৱাং ডৰ্জে আৰু নাইমা ডৰ্জেয়ে পোন প্ৰথমবাৰৰ বাবে ধৌলাগিৰ পৰ্বত আৰোহণ কৰিছিল।
মানসলু
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/652a5bc1-dd15-4100-a986-2e5f6f643e54/download__1_.jpg)
নেপালৰ সীমাৰ ভিতৰত থকা আন এটা পৰ্বত মানসলু।এই নামৰ অৰ্থ হৈছে আত্মাৰ পৰ্বত। মানসলুৰ উচ্চতা ৮,১৬৩ মিটাৰ।জাপানৰ পৰ্বতাৰোহী তোশিও ইমানিচি আৰু গিয়ালজেন নৰবুয়ে ১৯৫৬ চনৰ ৯ মে’ত মানচালু পৰ্বত আৰোহণ কৰা প্ৰথম ব্যক্তি।
নাংগা পৰবাট
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e3cea30d-84d0-464f-8bf9-e8969f26b963/Nanga_Parbat.webp)
নাংগা পৰবাটৰ উচ্চতা ৮১২৬ মিটাৰ।নাংগা পৰবাট হৈছে পৃথিৱীৰ নৱম সৰ্বোচ্চ শৃংগ আৰু পাকিস্তানৰ সৰ্বোচ্চ পৰ্বত। নাংগা পৰ্বত মানে নেকেড মাউণ্টেইন। জাৰ্মানীৰ পৰ্বতাৰোহী হাৰমান বুহলে ১৯৫৩ চনৰ ৩ জুলাইত নাংগা পাৰ্বত পোনপ্ৰথমবাৰৰ বাবে আৰোহণ কৰিছিল।
অন্নপূৰ্ণা পৰ্বত
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/85d7b9be-7978-49ed-bab4-58e5a9795cfa/annapurna.jpg)
এই পৰ্বতৰ উচ্চতা ৮,০৯১ মিটাৰ।ই হৈছে পৃথিৱীৰ দশম সৰ্বোচ্চ পৰ্বত। ১৯৫০ চনৰ ৩ জুনত ফ্ৰান্সৰ মৰিছ হেৰ্জোগ আৰু লুই লাচেনলে প্ৰথমবাৰৰ বাবে অন্নপূৰ্ণা আৰোহণ কৰিছিল।