জৰুৰীকালীন অৱস্থাত ঘৰতেই ল'ব পাৰিব প্ৰাথমিক চিকিৎসা

পৰিৱৰ্তনশীল বতৰত সাধাৰণতে আমিবোৰ হঠাতে অসুস্থ হৈ পৰো। সেই সময়ত যদি ওচৰত কোনো চিকিৎসক উপলব্ধ নহয়, তেন্তে সমস্যা জটিল হৈ পৰাৰ সম্ভাৱনা থাকে। এই জৰুৰীকালীন অৱস্থা পৰিহাৰ কৰিবলৈ ঘৰত প্ৰাথমিক চিকিৎসাৰ যোগাৰ থকাটো অতি গুৰুত্বপূৰ্ণ।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
ঔষধ

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল বতৰত সাধাৰণতে আমিবোৰ হঠাতে অসুস্থ হৈ পৰো। সেই সময়ত যদি ওচৰত কোনো চিকিৎসক উপলব্ধ নহয়, তেন্তে সমস্যা জটিল হৈ পৰাৰ সম্ভাৱনা থাকে। এই জৰুৰীকালীন অৱস্থা পৰিহাৰ কৰিবলৈ ঘৰত প্ৰাথমিক চিকিৎসাৰ যোগাৰ থকাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে, গেছ, চৰ্দি, কাহ, জ্বৰ আদিৰ ঔষধ ঘৰত সকলো সময়তে ৰখাটো জৰুৰী। 

Advertisment

জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰত সদায় ৰাখিবলগীয়া কেইবিধমান অত্যাৱশ্যকীয় ঔষধ 

পেৰাচিটামল

এইবিধ ঔষধ জ্বৰ, মূৰৰ বিষ আৰু শৰীৰৰ মৃদু বিষৰ বাবে ব্যৱহাৰ কৰা হয়।পেৰাচিটামল আপুনি প্ৰতি ৪-৫ ঘণ্টাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৫০০-৬৫০ মিগ্ৰাকৈ খাব পাৰে। মনত ৰাখিব যে, ইয়াৰ অত্যাধিক সেৱনে যকৃতৰ ক্ষতি কৰিব পাৰে।

আইবুপ্ৰফেন

পেশীৰ বিষ, প্ৰদাহ বা দাঁতৰ বিষৰ বাবে এই ঔষধৰ পৰামৰ্শ দিয়া হয়।এই ঔষধ গ্ৰহণ কৰিলে এচিডিটি বা পেটৰ সমস্যাত সাৱধান হ'ব।

এণ্টিহিষ্টামাইন

ইয়াক এলাৰ্জি, খজুৱতি বা হাঁচিৰ বাবে ব্যৱহাৰ কৰা হয়। এই ঔষধ খোৱাৰ পিছত আপুনি টোপনি অনুভৱ কৰিব পাৰে।

লোপেৰামাইড

ডায়েৰীয়া প্ৰতিৰোধ কৰাৰ বাবে এই ঔষধ অতি উপকাৰী। ইয়াক জ্বৰ বা ৰক্তক্ষয়ী ডায়েৰীয়াত ব্যৱহাৰ নকৰিব।

এণ্টিচেপ্টিক ক্ৰীম/দ্ৰৱণ

কটা, আঁচোৰ বা সামান্য আঘাতৰ বাবে ডেটল, চাভলন বা বেট্ৰোবান প্ৰয়োগ কৰিব পাৰি। এইবোৰৰ যিকোনো এটা ঘৰত ৰাখিলেই হ’ব।

পেইনকিলাৰ

মূৰৰ, শৰীৰৰ বা পেশীৰ বিষৰ বাবে পেইনকিলাৰ ডিচপ্ৰিন বা ড'লো গ্ৰহণ কৰিব পাৰে।

এই ঔষধবোৰো ঘৰত ৰাখিব

আপোনাৰ প্ৰাথমিক চিকিৎসা বাকচত চকু আৰু নাকৰ এলাৰ্জিৰ ঔষধ থকাটো গুৰুত্বপূৰ্ণ। তদুপৰি, কাহ,চৰ্দি, জ্বৰ জোখাৰ বাবে ঘৰত কাহৰ চিৰাপ, এণ্টিবায়টিক, বেণ্ডেজ, এণ্টিচেপ্টিক ক্ৰীম আৰু থাৰ্মোমিটাৰ ৰখাটোও প্ৰয়োজন। এচিডিটি, ডায়েৰিয়া আৰু বদহজমৰ দৰে সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু সেই ঔষধবোৰ ঘৰত ৰাখিব।