উৰ্বশী ৰৌতেলাৰ ওলোটা প্ৰশ্ন-ঋষভ পন্তও ‘আৰ পি’ নেকি?

বহু সমালোচনাৰ সন্মুখীন হৈ মুখ খুলিলে উৰ্বশীয়ে

author-image
Asomiya Pratidin
New Update
উৰ্বশী ৰৌতেলাৰ ওলোটা প্ৰশ্ন-ঋষভ পন্তও ‘আৰ পি’ নেকি?

উৰ্বশী ৰৌতেলাৰ

ডিজিটেল ডেস্ক: ক্ৰিকেটাৰৰ সৈতে গঢ়ি উঠা ঘনিষ্ঠ সম্পৰ্কৰ বাবে বলীউডৰ সুন্দৰীসকল প্ৰায়ে চৰ্চাত থাকে।শেহতীয়াকৈ চৰ্চাত থকা এনে এটা বিশেষ যুটী হৈছে ক্ৰিকেটাৰ ঋষভ পন্ত আৰু অভিনেত্ৰী উৰ্বশী ৰৌতেলা।এই দুয়োজনৰ চৰ্চাৰ কাৰণ বিতৰ্ক,মূলতে ‘ট্ৰল’।

Advertisment

'আৰপি' নামৰ এজন ব্যক্তিয়ে হোটেলৰ লবীত তেওঁৰ বাবে ঘন্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছিল।কেইমাহমান পূৰ্বে এক সাক্ষাৎকাৰত এই মন্তব্য কৰি দেশবাসীৰ মনত উৎসুকতা বৃদ্ধি কৰিছিল বলীউডৰ সুন্দৰী উৰ্বশী ৰৌতেলাই।ইয়াৰ পিছতে ক্ৰিকেটাৰ ঋষভ পন্তেও ‘ইনষ্টাগ্ৰাম’ত এটা কাহিনী ‘শ্বেয়াৰ’ কৰি কৈছিল, ‘কেৱল কিছু সামান্য জনপ্ৰিয়তাৰ বাবে আৰু শিৰোনাম দখল কৰাৰ বাবে মানুহে কেনেদৰে সাক্ষাৎকাৰত মিছা কয় সেয়া আমোদজনক। দুখৰ কথা যে কেনেকৈ কিছুমান মানুহ খ্যাতি আৰু নামৰ বাবে ইমান তৃষ্ণাতুৰ হ’ব পাৰে। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰক।’ ইয়াৰ পাছতেই ছ’ছিয়েল মেডিয়াত দুয়োজনক লৈ সৰৱ চৰ্চা চলি আহিছে। 

Also Read: Bigg Boss 16: ‘বিগ বছ’ত বোকা ছটিওয়াৰ খেল

ইফালে, এই সমগ্ৰ বিষয় সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে আভিনেত্ৰী উৰ্বশী ৰৌতেলাই।এক সাক্ষাৎকাৰত উৰ্বশীয়ে কয়, ‘মই মোৰ আগৰ মন্তব্যত উল্লেখ কৰা ‘আৰপি’ আছিল মোৰ সহ-অভিনেতা। তেওঁৰ সম্পূৰ্ণ নাম ৰাম পোথিনেনি। মই আনকি অৱগত নাছিলো যে ঋষভ পন্তক ‘আৰপি’ বুলিও জনা যায়। মানুহক কেৱল কথা বঢ়াবলৈ বিষয় লাগে।উৰাবাতৰিত বিশ্বাস কৰা সকলে বিষয়বোৰ অলপ বিশ্লেষণ কৰাটো দৰকাৰ।’

উল্লেখ্য, অভিনেত্ৰীগৰাকী ‘বিশ্বকাপ ২০২২’ৰ সময়ত বৰ বেয়াকৈ সমালোচনাৰ সন্মুখীন হৈছিল।তেওঁ লগতে কয়, ক্ৰিকেটাৰসকলক অভিনতা-অভিনেত্ৰীৰ লগত অনুৰাগীসকলে প্ৰায়ে তুলনা কৰে।কিন্তু ক্ৰিকেটাৰসকলৰ অভিনেতাতকৈ অধিক সন্মান আছে আৰু তেওঁলোকে অভিনেতাতকৈ অধিক উপাৰ্জন কৰে।তেওঁলোকে দেশৰ হৈ খেলে।তেওঁলোকক আমি সকলোয়ে মৰম আৰু সন্মান দিব লাগে।মই এই মূৰ্খতাপূৰ্ণ তুলনাবোৰ ভাল নাপাওঁ।’

মানুহে বেছিকৈ সমালোচনা কৰিলে ব্যক্তিগত জীৱনত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰে বুলি উল্লেখ কৰি

উৰ্বশী বৰ্তমান তেওঁৰ পেছাদাৰী কামত খুবেই ব্যস্ত বুলি অনুৰাগীক জানিবলৈ দিয়ে।