Bigg Boss 16: ‘বিগ বছ’ত বোকা ছটিওয়াৰ খেল

আজি ঘৰৰ পৰা বাহিৰ হ’ব ছুম্বুল তৌকিৰ খান !

author-image
Asomiya Pratidin
New Update
Bigg Boss 16: ‘বিগ বছ’ত বোকা ছটিওয়াৰ খেল

Bigg Boss 16

ডিজিটেল ডেস্ক: ‘চেলিব্ৰেটী’ প্ৰতিযোগীসকলৰ আজৱ কৰ্ম-কাণ্ডৰ বাবে সদায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে টেলিভিছনৰ সবাতোকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ’য়ে।বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে ‘হ’ষ্ট’ কৰা ‘বিগ বছ-১৬’ক কেন্দ্ৰ কৰি দৰ্শকৰ মাজত সদায়েই উত্তেজনাৰ সৃষ্টি কৰে।শেহতীয়াকৈ সম্প্ৰচাৰিত খণ্ডটোত প্ৰতিযোগীসকলৰ মাজত হোৱা বোকা ছটিওৱাৰ খেলখনৰ বাবে এতিয়া ‘বিগ বছ’ত আৰম্ভ হৈছে বহু সংঘাত। 

Advertisment

‘বিগ বছ’ৰ এক বিশেষ কাৰ্যত প্ৰতিযোগীসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত ঘৰৰ বিভিন্ন সদস্যই আগবঢ়োৱা মন্তব্যবোৰ ৰাজহুৱা কৰি সেয়া কোনে কাৰ বিৰুদ্ধে কৈছিল তাক অনুমান কৰিবলৈ দিয়া হৈছিল।এই কাৰ্যত যিজন সদস্যই সেই বিশেষ মন্তব্য কৰে, তেওঁৰ মুখত যাৰ বিষয়ে কৈছে তেওঁক বোকা ছটিয়াবলৈ দিয়া হৈছিল।তাৰ পাছতেই বদলি হৈছিল ‘বিগ বছ’ৰ সমগ্ৰ পৰিবেশ। পিঠিৰ পিছফালে বদমান কৰাসকলৰ মূখা খোলাৰ এই বিশেষ কাৰ্যৰ পাছত বিশেষকৈ অৰ্চনা গৌতম-টীনা দত্ত আৰু প্ৰিয়ংকা চাহাৰ চৌধুৰী-অংকিত গুপ্তাৰ তীব্ৰ বিবাদ হয়।এই বিবাদৰ পাছতেই এই আটাইকেইজন শ্ব’টোৰ ‘হ’ষ্ট’ ছলমান খানৰো ৰোষত পৰিবলগীয়া হয়।

Also Read: Bigg Boss-16: ‘বিগ বছ’ত পৰিয়ালকেন্দ্ৰিক সংঘাত - উত্তাল ছ’ছিয়েল মেডিয়া

প্ৰকৃততে, শ্বটোৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী অৰ্চনাই টীনা দত্তৰ পোহনীয়া কুকুৰটোৰ কথা কোৱাক লৈ বিৰ্তকৰ সূত্ৰপাত হয়।উল্লেখ্য, টীনাই তেওঁৰ পোহনীয়া কুকুৰটোৰ মৃত্যুৰ দুখত শেহতীয়াকৈ হৈ যোৱা তেওঁৰ জন্মদিনৰ কেক নাকাটে বুলি ঘৰৰ সদস্যক অৱগত কৰিছিল।এই সন্দৰ্ভত অৰ্চনাই কুকুৰৰটো মৃত্যু হ’বই, তাতে ইমান কিহৰ দুখ বুলি উল্লেখ কৰিছিল।উক্ত বিশেষ কাৰ্যৰ জৰিয়তে এই বিষয়ে টীনাই জ্ঞাত হোৱাৰ পাছতেই অৰ্চনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল।ইফালে, ঘনিষ্ঠ বান্ধৱী প্ৰিয়ংকাই তেওঁৰ কথা শুনিবই নিবিচাৰে বুলি সৌন্দৰ্য্যা শৰ্মাৰ আগত কৈছিল অংকিত গুপ্তাই।এই বিষয়টো পোহৰলৈ অহাত প্ৰিয়ংকা অংকিতৰ বিৰুদ্ধে সৰৱ হৈ পৰে।এই সমগ্ৰ ঘটনাত ছলমান খানেও প্ৰতিযোগীসকলক আইনা দেখুৱায়।তেওঁ প্ৰিয়ংকা,টীনা আৰু অৰ্চনাক তেওঁলোকৰ কৰ্মৰ প্ৰতি সজাগ হ’বলৈ সকীয়াই দিয়ে।

ইফালে, এইবাৰ ঘৰৰ পৰা বাহিৰ হ’বলগীয়া সদস্যৰ তালিকাত নাম আছে প্ৰিয়ংকা চাহাৰ চৌধুৰী, এম চি ষ্টেন, ছুম্বুল তৌকিৰ খান, ছাজিদ খান, শিৱ থাকৰে,টীনা দত্ত আৰু ছালীন ভানোটৰ।আজি ঘৰৰ পৰা বাহিৰ হোৱা সদস্যক কেন্দ্ৰ কৰি ইতিমধ্যেই ছ’ছিয়েল মেডিয়াত তুমুল চৰ্চা চলিছে। অধিকাংশই আজি ঘৰৰ পৰা ছুম্বুলে বিদায় ল’ব লাগে বুলিও মত প্ৰকাশ কৰিছে।দৰ্শকৰ কম ভোটৰ বাবে প্ৰকৃততে কোন বিগ বছৰ পৰা বাহিৰ হয়, সেয়া জানিবলৈ অৱশ্যে আজি নিশালৈ দৰ্শকে বাট চাব লাগিব।  

bigg boss bigg boss16