/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b1a4b56a-0c4e-48c1-b723-fa65f1fccab3/AP_FOR_WEB_shabana_.jpg)
ডিজিটেল ডেস্ক: ছবিপ্ৰেমী সকললৈ সুখবৰ।সুদীৰ্ঘ ৪১ বছৰৰ পিছত বিগস্ক্ৰীণত পুনৰ একেলগে দেখা যাব দুই কিংবদন্তী অভিনেত্ৰী শ্বাবানা আজমী আৰু জীনাত আমানক।হয়, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াযোগে এই বিষয়ে ৰাজহুৱা কৰিলে ‘ষ্টেজ৫ প্ৰডাকচন’য়ে।
জিঅ' ষ্টুডিঅ'ৰ সৈতে সহযোগিতা কৰি মনীষ মালহোত্ৰাৰ ‘ষ্টেজ৫ প্ৰডাকচন’য়ে নিৰ্মাণ কৰা ‘বুন টিক্কি’ ছবিখনত দুয়ো অভিনেত্ৰীক দৰ্শকে একেলগে দেখিবলৈ পাব। ‘বুন টিক্কি’ৰ কাহিনী এক অতি সংবেদনশীল তথা আৱেগিক। জীনাত আমান আৰু শ্বাবানা আজমীয়ে একেলগে অভিনয় কৰা অন্তিম খন ছবি ১৯৮২ চনত মুক্তি লাভ কৰিছিল।বলীউডৰ অন্যতম সফল ছবি হিচাপে বিবেচনা কৰা এই ছবিখনৰ নাম আছিল ‘অশান্ত’।
উল্লেখ্য যে, ‘ষ্টেজ৫ প্ৰডাকচন’ৰ প্ৰথম খন ছবি ‘ট্ৰেইন ফ্ৰম ছপ্ৰাউলা’ই দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। টিস্কা চোপ্ৰাৰ দ্বাৰা পৰিচালিত ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাধিকা আপ্তেয়ে। ‘বুন টিক্কি’ ‘ষ্টেজ৫ প্ৰডাকচন’ৰ দ্বিতীয়খন ছবি।আগন্তুক বৰ্ষৰ পৰা শ্বুটিং আৰম্ভ হ’বলগীয়া ছবিখন পৰিচালনা কৰিব ফাৰাজ আনচাৰী ফাৰাজাৰিফে। মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অভয় দেউলেও এক বিশেষ চৰিত্ৰত অভিনয় কৰিব।
Also Read: ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ’ব ‘ৱেলকাম ৩’ৰ