ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ’ব ‘ৱেলকাম ৩’ৰ

ছবিপ্ৰেমীসকলৰ বাবে সুখবৰ ! আগন্তুক বৰ্ষত মুক্তি পাব ব্লকবাষ্টাৰ কমেডী ছবি ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’।হয়, শেহতীয়াকৈ এই বিষয়ে ৰাজহুৱা কৰিলে ছবিখনৰ অন্যতম মুখ্য অভিনেতা পৰেশ ৰাৱলে।

author-image
Asomiya Pratidin
New Update
ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ভ হ’ব ‘ৱেলকাম ৩’ৰ

ডিজিটেল ডেস্ক : ছবিপ্ৰেমীসকলৰ বাবে সুখবৰ ! আগন্তুক বৰ্ষত মুক্তি পাব ব্লকবাষ্টাৰ কমেডী ছবি ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’।হয়, শেহতীয়াকৈ এই বিষয়ে ৰাজহুৱা কৰিলে ছবিখনৰ অন্যতম মুখ্য অভিনেতা পৰেশ ৰাৱলে।

Advertisment

এক অনুষ্ঠানত প্ৰখ্যাত অভিনেতাজনে লগতে প্ৰকাশ কৰে যে, অতি জনপ্ৰিয় ছবি ‘ৱেলকাম’ৰ ছিকুৱেল ‘ৱেলকাম টু দ্য জাংগল’ (ৱেলকাম ৩)ৰো শ্বুটিং আগন্তুক মাহৰ পৰা আৰম্ভ হ’ব।আগন্তুক বৰ্ষৰ জুন-জুলাইত এই ছবিখনে মুক্তি লাভ কৰিব।আনহাতে, বছৰটোৰ শেষলৈ মুক্তি পাব ‘হেৰা ফেৰী ৩’।’হেৰা ফেৰী ৩’ত তেওঁক দৰ্শকে বাবুৰাও গণপতৰাও আপ্তেৰ চৰিত্ৰতে দেখিবলৈ পাব।পূৰ্বৰ দৰে সুনীল ছেট্টী, অক্ষয় কুমাৰকো দৰ্শকে ছবিখনত দেখিবলৈ পাব যদিও মূখ্য চৰিত্ৰত কোন অভিনেত্ৰীয়ে অভিনয় কৰিব, সেয়া বৰ্তমানলৈও নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, পৰেশ ৰাৱল, সুনীল ছেট্টী আৰু অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘হেৰা ফেৰী’য়ে বলীউডত এক প্ৰকাৰৰ জোৱাৰৰ সৃষ্টি কৰিছিল।ছবিখনে ২০০০ চনত মুক্তি লাভ কৰিছিল।আনহাতে, ‘হেৰা ফেৰী’ৰ প্ৰথমখন ছিকুৱেল ‘ফিৰ হেৰা ফেৰী’য়ে মুক্তি লাভ কৰিছিল ২০০৬ চনত।এই শৃংখলাৰ প্ৰথম খন ছবি প্ৰিয়দৰ্শনৰ দ্বাৰা পৰিচালিত আৰু এ জি নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত।দ্বিতীয়খনৰ পৰিচালনাৰ দায়িত্বত আছিল নীৰজ ভোৰা। ইফালে, ‘হেৰা ফেৰী ৩’ পৰিচালনা কৰিব ফাৰহাদ চামজীয়ে আৰু প্ৰয়োজনা কৰিব ফিৰোজ এ নাদিয়াদৱালাই।

Also Read: ৰণবীৰ-ৰশ্মিকাৰ যুটি, ববী দেউলৰ ‘কামবেক’ক লৈ উৎসুক হৈ পৰিছে অনুৰাগী