/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b337e321-1976-4c56-b379-2f652f4647c5/rupali_baruah.jpg)
ডিজিটেল ডেস্ক: শেহতীয়াকৈ খুব চৰ্চাত আছে এগৰাকী অসমীয়া সুন্দৰী।নাম ৰূপালী বৰুৱা।হয়, বলীউডৰ বিশিষ্ট অভিনেতা আশিস বিদ্যাৰ্থীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী ৰূপালী বৰুৱা।পিছে, আপুনি জানেনে কোন এই ৰূপালী বৰুৱা ?
ৰূপালী বৰুৱা এগৰাকী উদ্যোগী।বয়স ৫০ বছৰ। তেওঁৰ ঘৰ গুৱাহাটীত যদিও দীৰ্ঘসময় ধৰি তেওঁ কলিকতাত ব্যৱসায় কৰি আছে।কলিকতাত তেওঁৰ এখন হস্ততাঁত ফেশ্বন ষ্ট'ৰ আছে।কলিকতাত খুবেই বিখ্যাত এই ষ্ট'ৰখনৰ নাম ‘নামেগ’। আনহাতে, আশিস বিদাৰ্থীৰ দৰে ছ'চিয়েল মেডিয়াত সক্ৰিয় নহয় ৰূপালী বৰুৱা। তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মাত্ৰ ১১২৪ জন অনুসৰণকাৰী আছে য'ত তেওঁ আনৰ ৯৯১ টা একাউণ্ট অনুসৰণ কৰে।ছ'চিয়েল মেডিয়াত তেওঁ গীত, নৃত্য, পৰিয়ালৰ সদস্যসকলৰ সৈতে কটোৱা সময়বোৰেই বেছিকৈ অনুৰাগীৰ মাজত ‘শ্বেয়াৰ’ কৰে।
কেনেকৈ লগ হৈছিল আশিস- ৰূপালী ?
৫৭ বছৰীয়া অভিনেতা আশিস বিদাৰ্থীয়ে অনুৰাগীক জনোৱা মতে, তেওঁলোক দুয়োয়ে দুয়োক লগ পোৱাৰ এটা দীঘলীয়া কাহিনী আছে।এই সন্দৰ্ভত ৰূপালীয়ে কয়, ‘আমি দুয়ো কিছুদিন আগতে লগ হৈছিলো আৰু এই সময়ছোৱাত আমাৰ মাজত গঢ়ি উঠা সম্পৰ্কক আমি আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিলো। কিন্তু আমি দুয়োজনে বিচাৰিছিলো যে আমাৰ বিয়াখন খুব সৰুকৈ আমাৰ পৰিয়ালৰ মাজতে হওঁক, আৰু সেয়াই হ’ল।’ তেওঁ আশিস বিদ্যাৰ্থীক এজন খুব সুন্দৰ মন-আত্মাৰ মানুহ বুলিও অভিহিত কৰে।
উল্লেখ্য, কলিকতাত সম্পন্ন হয় আশিস আৰু ৰূপালীৰ বিবাহৰ অনুষ্ঠান। বিয়াৰ দিনটোত দৰা আশিসে কেৰালাৰ পৰম্পৰাগত পোছাক 'মুণ্ডু' পৰিধান কৰাৰ বিপৰীতে ৰূপালীক চাদৰ-মেখালা আৰু সোণৰ গহনাৰে নিভাজ অসমীয়া কইনাৰ ৰূপত দেখা গ’ল। তেওঁলোকৰ বিয়াত পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু বন্ধুবৰ্গহে উপস্থিত আছিল।
আশিস বিদ্যাৰ্থীৰ প্ৰথমা পত্নীও অসমীয়া
অভিনেতাজনে পূৰ্বে অভিনেত্ৰী, লেখকা তথা গায়িকা ৰাজোশী বৰুৱাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।ৰাজোশী বিশিষ্ট অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা। আশিস আৰু ৰাজোশীৰ এটা সন্তানো আছে।এই পুত্ৰ সন্তানটোৰ নাম অৰ্থ বিদ্যাৰ্থী।
Also Read: কিহৰে পূজিলে মহাদেৱৰ আশীৰ্বাদপুষ্ট হ’ব পাৰি জানেনে ?