কিহৰে পূজিলে মহাদেৱৰ আশীৰ্বাদপুষ্ট হ’ব পাৰি জানেনে ?

মহাদেৱক উপাসনা কৰিবলৈ সাধাৰণতে পানী, গাখীৰ, বেলপাত, ভাং, মৌ, চন্দন কাঠ আদি আগবঢ়োৱা হয়। কিন্তু এইসমূহৰ বাহিৰেও মহাদেৱে আন কিহৰে উপাসনা কৰিলে ভাল পায় আপুনি জানেনে ? আজি এই বিষয়ে জানো আহক-

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
mahadev.jpg

ডিজিটেল ডেস্ক: বিশ্বাস অনুসৰি যদি ভগৱান শিৱক সঁচা হৃদয়েৰে উপাসনা কৰো, তেন্তে আমি সকলো দুখ-কষ্টৰ পৰা মুক্ত হৈ জীৱনটো উপভোগ কৰিব পাৰো। শিৱই সদায় তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে। মহাদেৱক উপাসনা কৰিবলৈ সাধাৰণতে পানী, গাখীৰ, বেলপাত, ভাং, মৌ, চন্দন কাঠ আদি আগবঢ়োৱা হয়। কিন্তু এইসমূহৰ বাহিৰেও মহাদেৱে আন কিহৰে উপাসনা কৰিলে ভাল পায় আপুনি জানেনে ? আজি এই বিষয়ে জানো আহক-

নিলাজী বন

নিলাজী বনৰ পাতবোৰ ভগৱান শিৱৰ অতি প্ৰিয়। সাধাৰণতে শনি দেৱতালৈ নিলাজী বনৰ পাত আগবঢ়োৱা হয়, কিন্তু এই পাত শিৱ আৰু গণেশৰো প্ৰিয়।

অপামাৰ্গ

সুখ বৃদ্ধি আৰু সন্তান প্ৰপ্তিৰ বাবে আপুনি শাওন মাহত শিৱক অপামাৰ্গৰ পাতো আগবঢ়াব পাৰে। অপামাৰ্গৰ পাতেৰে শিৱক উপাসনা কৰি আনন্দ আৰু সকলো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।

আঁহত পাত

শাওন মাহৰ সোমবাৰে মহাদেৱক উপাসনা কৰিবলৈ যদি আপোনাৰ ওচৰত বেলপাত নাই, তেন্তে আপুনি আঁহত পাতৰেও ভগৱান শিৱৰ উপাসনা কৰিব পাৰে। আঁহত পাতো মহাদেৱৰ অতি প্ৰিয়।

ধতুৰা ফুল

ধতুৰা ফুলক ভগৱান শিৱৰ প্ৰিয় বস্তুৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। সেয়েহে শাওন মাহত ধাতুৰা ফুলৰ এক বিশেষ চাহিদা থাকে।

ভাং

আপুনি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভাং আগবঢ়াব পাৰে। ভগৱান শিৱৰ নৈবেদ্য হিচাপেও ভাং বিতৰণ কৰা হয়।

দুবৰী বন

যদি আপুনি ভগৱান শিৱৰ পৰা দীৰ্ঘজীৱনৰ আশীৰ্বাদ বিচাৰে, তেন্তে আপুনি শিৱলিংগত দুবৰী  বন আগবঢ়াব পাৰে। পুৰাণৰ মতে, দুবৰী বন অমৃতৰ বাসস্থান। গণেশৰ লগতে মহাদেৱৰো অতি প্ৰিয় দুবৰী বন।

বাঁহ পাত

আপুনি মহাদেৱক বাঁহ পাতৰেও উপাসনা কৰিব পাৰে। যিসকলে সন্তান সুখ বিচাৰে তেওঁলোকে শিৱক বাঁহৰ পাত আগবঢ়াব পাৰে।

আকন্দ ফুল

আকন্দ ফুল আৰু ইয়াৰ পাতবোৰো শিৱৰ অতি প্ৰিয়। মহাদেৱক আগবঢ়াবলৈ আপুনি আকন্দ ফুলৰ পাতবোৰ পৰিস্কাৰকৈ ধুই ল’ব।তাৰ পাছত এই ইয়াৰ পাতবোৰ ৭, ৯, ১১ আৰু ২১ ক্ৰমত মহাদেৱক আগবঢ়াই উপাসনা কৰিব।

Also Read: শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰে এই কামকেইটা কেতিয়াও নকৰিব