/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a286dc70-a7b3-4e47-9fa3-0dc2c7efe91d/AP_FOR_WEB_youtuber__1_.jpg)
ডিজিটেল ডেস্ক: খুব কম সময়ৰ ভিতৰতে দেশবাসীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বলীউডৰ এগৰাকী অন্যতম জনপ্ৰিয় গায়ক অৰমান মালিক।ব্যতিক্ৰমী কণ্ঠ আৰু ব্যক্তিত্বই অৰমানক সকলো সময়তে চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি ৰাখে।পিছে, সম্প্ৰতি বিবাহকেন্দ্ৰিক চৰ্চাৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে অৰমান মালিকে।হয়, কেইদিনমান পূৰ্বে অৰমানে তেওঁৰ প্ৰেয়সীক আঙুঠি পিন্ধাই যুগ্ম জীৱনৰ পাতনি মেলাৰ আগজাননী দিয়ে।ইয়াৰ পাছতে এতিয়া সকলো অনুৰাগী অৰমানৰ প্ৰেয়সীৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছে।
অৰমানৰ হ’বলগীয়া কইনাৰ নাম আছনা শ্ৰফ।পিছে অৰমানৰ দৰে ডেকাৰ হৃদয় জিনা কোন এই আছনা শ্ৰফ ? আছনা ছ'চিয়েল মেডিয়া অতি প্ৰভাৱশালী ষ্টাৰ আৰু ইউটিউবাৰ।হয়, আছনাৰ ইনষ্টাগ্ৰামত ৯৯০ হাজাৰতকৈও অধিক অনুৰাগী আছে আৰু ১৮৫ হাজাৰৰো অধিক লোকে তেওঁৰ ইউটিউব চেনেলটো উপভোগ কৰে। ছ'চিয়েল মেডিয়াৰ পৃথিৱীত প্ৰৱেশ কৰাৰ আগতে আছনা আছিল এগৰাকী শিক্ষয়িত্ৰী।শিক্ষকতাৰ বৃত্তি এৰি আছনাই তেওঁৰ ইউটিউব চেনেল আৰম্ভ কৰিছিল।আছনাই ইতিমধ্যে ‘দ্য স্নোব শ্বপ’ নামৰ এটা অনলাইন উদ্যোগো আৰম্ভ কৰিছে।
মুম্বাইৰ এমআইটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আছনাই পিছত নিউজিলেণ্ড টাৰ্চিয়াৰী কলেজত পঢ়িবলৈ যায়।আনুষ্ঠানিক শিক্ষা শেষ কৰি শিক্ষকতা আৰু তাৰ পাছত ছ’চিয়েল মেডিয়া ষ্টাৰ হৈ এতিয়া দেশৰ লাখ লাখ জনতাক আকৰ্ষিত কৰি ৰাখিছে আছনাই।মডেলিং জগততো নাম আছে আছনাৰ।আৰমান-আছনাৰ বাগদানৰ ফটো ভাইৰেল হোৱাৰ পাছতে সকলো অনুৰাগীয়ে তেওঁলোকক শুভকামনা জনাই তেওঁলোকৰ যুটিটোক প্ৰশংসাৰে উপচাই পেলাইছে।
Also Read: চলিত বৰ্ষৰ শেষলৈ হ’ব পৰিণীতি চোপ্ৰা- ৰাঘৱ চদ্ধাৰ বিয়া