চলিত বৰ্ষৰ শেষলৈ হ’ব পৰিণীতি চোপ্ৰা- ৰাঘৱ চদ্ধাৰ বিয়া

আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ বিয়াখনক লৈ এতিয়া অনুৰাগীসকলৰ উৎসুকতা বৃদ্ধি পাবলৈ ধৰিছে।ৰাঘৱ-পৰিণীতিয়ে কেতিয়া তেওঁলোকৰ বিয়াৰ তাৰিখ ঘোষণা কৰিব, তাৰ বাবে সকলোয়ে এতিয়া আগ্ৰহৰে অপেক্ষা কৰি আছে।

author-image
Asomiya Pratidin
New Update
চলিত বৰ্ষৰ শেষলৈ হ’ব পৰিণীতি চোপ্ৰা- ৰাঘৱ চদ্ধাৰ বিয়া

ডিজিটেল ডেস্ক: আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ বিয়াখনক লৈ এতিয়া অনুৰাগীসকলৰ উৎসুকতা বৃদ্ধি পাবলৈ ধৰিছে।ৰাঘৱ-পৰিণীতিয়ে কেতিয়া তেওঁলোকৰ বিয়াৰ তাৰিখ ঘোষণা কৰিব, তাৰ বাবে সকলোয়ে এতিয়া আগ্ৰহৰে অপেক্ষা কৰি আছে।যাৰ বাবে সততে ৰাইজৰ মাজত দেখিবলৈ পোৱা নেতা ৰাঘৱ চদ্ধাক ৰাজনীতিৰ কথা কম আৰু পৰিণীতি তথা তেওঁলোকৰ বিয়াৰ কথা ৰাইজে বেছিকৈ সুধিবলৈ লৈছে।ৰাঘৱ চদ্ধাই বিয়া সন্দৰ্ভত সোধা প্ৰশ্নবোৰ এৰাই চলিছে যদিও শেহতীয়া এক সাক্ষাৎকাৰত বাগদানৰ পিছত তেওঁৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে মুকলিকৈ উল্লেখ কৰিছে।

Advertisment

বহু চৰ্চিত যুটি ৰাঘৱ আৰু পৰিণীতিৰ ১৩ মে'ত বাগদান সম্পন্ন হৈছিল। কিন্তু তেওঁলোক দুয়োৰে বিবাহৰ তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই। কোনো ৰাজনীতিবিদৰ সৈতে বিবাহ পাশত আবদ্ধ নহওঁ বুলি মুকলিকৈ কোৱাৰ পাছতো কিন্তু পৰিণীতিয়ে ৰাঘৱৰ লগত বিয়া ঠিক কৰিলে। যাৰ বাবে সময়ে সময়ে বহু সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিণীতি। চলিত বছৰৰ শেষৰ ফালে ৰাঘৱ আৰু পৰিণীতিৰ বিয়া হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, এক সাক্ষাৎকাৰত ৰাঘৱে উল্লেখ কৰা মতে পৰিণীতিৰ সৈতে বাগদান সম্পন্ন হোৱাৰ পাছত তেওঁৰ জীৱনলৈ বহুখিনি পৰিৱৰ্তন আহিছে। প্ৰথম পৰিৱৰ্তনটো এয়ে যে, আগতে তেওঁক পৰিয়াল তথা সহকৰ্মীসকলে প্ৰতিটো সময়তে বিয়া কেতিয়া হ'ব বুলি সুধি আছিল।কিন্তু এতিয়া এনে কথা কোনেও নোসোধে। ইফালে, কেইদিনমান আগতে ৰাঘৱ আৰু পৰিণীতি উদয়পুৰলৈ ভ্ৰমনলৈ গৈছিল। অনুৰাগীসকলৰ মতে তেওঁলোক দুয়োয়ে বিবাহৰ বাবে উপযুক্ত স্থান চাবলৈ গৈছে। 

ইফালে, বহুতৰে হয়তো জ্ঞাত নহয় যে পৰিণীতি আৰু ৰাঘৱ দুয়ো আগতে খুব ভাল বন্ধু আছিল। বন্ধুত্বৰ পিছতহে তেওঁলোক দুয়োৰে মাজত প্ৰেমৰ জন্ম হৈছিল আৰু এতিয়া এই প্ৰেমে লাভ কৰিলে সামাজিক স্বীকৃতি।

Also Read: ৰাজকীয় পৰিয়ালৰ হৈও নিজৰ উপাৰ্জনৰেহে চলে ছাৰা