/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a402b59b-5cfc-4dbd-928f-08c4dbe95df4/AP_FOR_WEB_1__9_.jpg)
ডিজিটেল ডেস্ক: ব্যতিক্ৰমী ব্যক্তিত্ব, অপৰূপ সৌন্দৰ্য তথা অদমনীয় অভিনয়ৰ বাবে প্ৰতিটো সময়তে চৰ্চাত থাকে বলীউডৰ সুন্দৰী অভিনেত্ৰী কৰীণা কাপুৰ খান।পিছে শেহতীয়াকৈ আন এক বিষয়ৰ বাবেহে চৰ্চালৈ অভিনেত্ৰীগৰাকীৰ নাম।প্ৰকৃততে, ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে কৰীণাৰ এটা বিশেষ ভিডিঅ’। য’ত তেওঁ তেওঁৰ গৰ্ভধাৰণৰ সময়খিনিৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে।
হয়, এই ভাইৰেল ভিডিঅ’টোত তেওঁৰ প্ৰথমটো সন্তান টাইমুৰ আলী খানৰ জন্মৰ সময়ৰ কেতবোৰ কথা প্ৰকাশ কৰিছে।কৰীণা আৰু তেওঁৰ স্বামী ছেইফ আলী খান ২০১৬ ৰ ডিচেম্বৰত তেওঁলোকৰ পুত্ৰ টাইমুৰ আলী খানৰ অভিভাৱক হৈছিল।এই সন্দৰ্ভতে এক সাক্ষাৎকাৰত তেওঁ কয়, ‘ মই মোৰ গৰ্ভধাৰণৰ সময়ছোৱাত চিকিৎসকক ১০০ টা প্ৰশ্ন সুধিছিলো।কিয়নো, সেয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল।যাৰ বাবে নতুন নতুন তথা গৰ্ভাৱস্থাৰ সকলোবোৰ কথা জানিবলৈ মোৰ সদায় ইচ্ছা হৈছিল। অৱশ্যে , সেই সময়ছোৱাত মোৰ ভগ্নী কৰিশ্মা কাপুৰ মোৰ লগত ছাঁটোৰ দৰে থাকি মোক পথ প্ৰদৰ্শন কৰিছিল। সেই সময়ত মোৰ ওজন ২০ কিলোলৈকে বৃদ্ধি হৈছিল।দিনটোত মই ৫ৰ পৰা ১০ টালৈকে পৰাঠা খাইছিলো।পাছত চিকিৎসকে মোক কমকৈ খাবলৈ পৰামৰ্শ দিছিল।কিন্তু মই মোৰ গৰ্ভধাৰণ উপভোগ কৰিছিলো।’
উল্লেখ্য যে, কৰীণা বৰ্তমান দুটাকৈ সন্তানৰ মাতৃ।কিন্তু তেওঁৰ 'ফিটনেছ' সকলোৰে বাবে আদৰ্শ।দুয়োটা সন্তান জন্ম দিয়াৰ পাছতো কেনেকৈ এইদৰে নিজকে ফিট ৰাখিব পাৰিছে, সেয়া সকলোৰে বাবে এক সাথৰ।কৰীণাৰ বয়স এতিয়া ৪৩ বছৰ।
Also Read: যিমান দিন পাৰে, সন্তানক স্তনপান কৰাওক