যিমান দিন পাৰে, সন্তানক স্তনপান কৰাওক

যিমান দিন পাৰে, সন্তানক স্তনপান কৰাওক
Published on
Updated on

ডিজিটেল ডেস্ক: টেলিভিছনৰ বিখ্যাত অভিনেত্ৰী হিনা খান স্তন কেঞ্চাৰত আক্ৰান্ত হোৱা খবৰে এতিয়া সকলোকে চিন্তাত পেলাইছে।ইমান স্বাস্থ্যকৰ জীৱনশৈলীৰ পাছতো কেনেকৈ তেওঁ এই ৰোগত আক্ৰান্ত হ'বলৈ পালে, তাকে লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে।হিনাই ছ'চিয়েল মেডিয়াত নিজেই এই বিষয়ে ৰাজহুৱা কৰাৰ পাছতে সকলো একপ্ৰকাৰ হতবাক হৈ পৰিছে।

বিগত কিছু বছৰৰ পৰা ভাৰতত স্তন কেঞ্চাৰত আক্ৰান্ত মহিলাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে।এই ৰোগ বৃদ্ধি পোৱাৰ এক অন্যতম কাৰণ হৈছে মহিলাসকলৰ মাজত সজাগতাৰ অভাৱ। স্তনৰ কৰ্কট ৰোগৰ লক্ষণৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবেই বহুতেই এই ৰোগৰ সময়মতে চিকিৎসা লাভ কৰিবলৈ সক্ষম নহয়।স্তন কেঞ্চাৰৰ মূল লক্ষণসমূহ হৈছে-

১. স্তন স্পৰ্শ কৰিলে বিষ হোৱা।

২. স্তনৰ পৰা আঠা-আঠা স্ৰাৱ ওলোৱা।

৩. স্তনৰ পৰা েজ বা পুঁজৰ দৰে কিবা নিষ্কাশন হোৱা।

৪. কাষলতিৰ তলত ফোঁহাৰ দৰে হোৱা।

৫. স্তনৰ গাঁথনিৰ যিকোনো পৰিৱৰ্তন।

৬. স্তন ফুলা বা ৰঙা পৰা।

৭. টান স্তন।

৮. স্তনৰ ভিতৰৰ বিষ।

৯. কান্ধৰ বিষ বা জঠৰতা।

যদি আপুনি স্তনৰ কৰ্কট ৰোগৰ এনে যিকোনো লক্ষণ দেখা পায়, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰি মুকলিকৈ কথা পাতিব। যদি চিকিৎসকে মেমোগ্ৰাম, চোনো-মাম্মাগ্ৰাম বা এফএনএচি পৰীক্ষাৰ বাবে কয়, এইসমূহ পৰীক্ষা লগে লগে কৰাব।আনহাতে, যদি ইতিমধ্যে ঘৰত কৰ্কট ৰোগৰ ইতিহাস আছে, তেনেহ'লে তেওঁলোকে ২৫ বছৰ বয়সৰ পিছত স্ক্ৰীণিং আৰু আনুবংশিক পৰীক্ষা কৰাটো খুবেই বেছি জৰুৰী। আনহাতে, সকলো মহিলাই নিয়মীয়াকৈ স্তনৰ পৰীক্ষা কৰা উচিত। বিশেষকৈ, ৪০ বছৰৰ পিছত এই পৰীক্ষা প্ৰতি বছৰে কৰিব লাগে।

কোনসকল মহিলাৰ বিপদাশংকা অধিক ?

-বিশেষজ্ঞসকলৰ মতে, স্তনৰ কৰ্কট ৰোগ বৃদ্ধি হোৱাৰ আঁৰত কোনো বিশেষ কাৰণ জনা নাযায়। কিন্তু মুখ্যতঃ জীৱনশৈলী আৰু আনুবংশিকেই ইয়াৰ মূল কাৰণ বুলি গণ্য কৰা হয়।

- যদি আপোনাৰ জীৱনশৈলী দুৰ্বল বা পৰিয়ালত স্তনৰ কৰ্কট ৰোগৰ ইতিহাস আছে, তেনেহ'লে এই ৰোগৰ বিপদাশংকা বৃদ্ধি হয়।

-যদি আপোনাৰ আগতে স্তনৰ কৰ্কট ৰোগ হৈছিল, তেন্তে আপোনাৰ আকৌ হোৱাৰ বিপদাশংকা আছে।

-অত্যাধিক সুৰা পান আৰু হৰমন প্ৰতিস্থাপন থেৰাপীৰ দীৰ্ঘম্যাদী ব্যৱহাৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।

- ৰজোনিবৃত্তিৰ পিছত অধিক ওজন বা মেদবহুলহোৱাৰ ফলত স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উপায় কি?

স্তনপান কৰিব। কিয়নো স্তন্যপানে স্তন কৰ্কট প্ৰতিৰোধত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপুনি যিমানে দীঘলীয়া সময় স্তনপান কৰাব, সিমানেই এই বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব। অধ্যয়ন অনুসৰি, যিসকল মহিলাই তেওঁলোকৰ সন্তানক স্তনপান কৰায়, তেওঁলোকৰ সন্তানক স্তনপান নকৰোৱা মহিলাৰ তুলনাত স্তন কৰ্কট ৰোগৰ আশংকা ৫শতাংশ কম হয়।

এক গৱেষণাৰ মতে, আপোনাৰ জীৱনশৈলী যিমানে স্বাস্থ্যকৰ হয়, আপোনাক ই ৰোগৰ পৰা সিমানেই ৰক্ষা কৰিব।খাদ্য তালিকাত সদায়েই স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব। ফল, ফলৰ ৰস আৰু সেউজীয়া পাচলি বেছিকৈ আৰু কাৰ্বোহাইড্ৰেট কমকৈ গ্ৰহণ কৰিব। কাৰ্বহাইড্ৰেটে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰে। বজাৰত উপলব্ধ পেকেটযুক্ত, শীতল পানীয় পৰিহাৰ কৰিব। দৈনিক যোগ, ব্যায়াম আৰু খোজ কাঢ়ি শৰীৰটো সক্ৰিয় কৰি ৰাখিব। সুৰা আৰু ধূমপানৰ পৰা আঁতৰি থাকিব। ৩৫ বছৰৰ পিছত গৰ্ভনিৰোধক-প্ৰতিৰোধী বড়ি গ্ৰহণ কৰা পৰিহাৰ কৰিব।এইসমূহ গ্ৰহণৰ বাবেও  স্তনৰ কৰ্কট ৰোগৰ আশংকা সামান্য বৃদ্ধি হয়।

যিমান দিন পাৰে, সন্তানক স্তনপান কৰাওক
গৰ্ভধাৰণ কৰা মহিলাসকল ভ্ৰমণৰ সময়ত সাৱধান হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in