'ছেম বাহাদুৰ'ৰ ট্ৰেইলাৰ উপভোগ কৰি অনুৰাগীয়ে দিলে ভৱিষ্যতবাণী

আকৰ্ষণীয় ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ জনপ্ৰিয় অভিনেতা বিকি কৌশল। শেহতীয়াকৈও তেওঁৰ দুৰ্দান্ত অভিনয়েই হৈছে তেওঁক চৰ্চাৰ কেন্দ্ৰলৈ অনাৰ অন্যতম কাৰণ। হয়, বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মুকলি হ'ল 'ছেম বাহাদুৰ' শীৰ্ষক ছবিখনৰ ট্ৰেইলাৰ।

author-image
Asomiya Pratidin
New Update
'ছেম বাহাদুৰ'ৰ ট্ৰেইলাৰ উপভোগ কৰি অনুৰাগীয়ে দিলে ভৱিষ্যতবাণী

ডিজিটেল ডেস্ক: আকৰ্ষণীয় ব্যক্তিত্ব তথা অদমনীয় অভিনয়ৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ জনপ্ৰিয় অভিনেতা বিকি কৌশল। শেহতীয়াকৈও তেওঁৰ দুৰ্দান্ত অভিনয়েই হৈছে তেওঁক চৰ্চাৰ কেন্দ্ৰলৈ অনাৰ অন্যতম কাৰণ। হয়, বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মুকলি হ'ল 'ছেম বাহাদুৰ' শীৰ্ষক ছবিখনৰ ট্ৰেইলাৰ। 

Advertisment

মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকিয়ে। ভাৰতৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ নায়ক বুলি পৰিচিত মাৰ্শ্বেল ছেম মানেকশ্ব'ৰ জীৱনৰ অবিশ্বাস্য ৪০ বছৰীয়া কেৰিয়াৰ এই ছবিখনৰ জৰিয়তে দৰ্শকে উপভোগ কৰিব পাৰিব।প্ৰশিক্ষাৰ্থী সৈনিকৰ পৰা প্ৰথম ফিল্ড মাৰ্শ্বেল হোৱা, ভাৰত-পাক যুদ্ধ আৰু তেওঁৰ বীৰত্বকে ধৰি তেওঁৰ জীৱনৰ সকলোবোৰ ঘটনাই ছবিখনত উপস্থাপন কৰা হৈছে। 

ছবিখনৰ দুই মিনিট আৰু আঠত্রিশ ছেকেণ্ড দৈঘ্যৰ ট্ৰেইলাৰটো মুকলিৰ পাছতেই অনুৰাগীসকলে ছ'চিয়েল মেডিয়াযোগে ছবিখন তথা বিকিৰ অভিনয়ক খুব প্ৰশংসা কৰিছে। বহুতেই এই ছবিখনক ভাৰতীয় সেনাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিছে।আনহাতে, অধিকাংশ অনুৰাগীয়েই এই চৰিত্ৰ ৰূপায়নৰ বাবে বিকি কৌশলতকৈ আৰু কোনো 'পাৰ্ফেক্ট' নহয় বুলি মন্তব্য কৰিছে। বহুতৰ মতে, আকৌ 'ছেম বাহাদূৰ'ৰ অভিনয়ৰ বাবে বিকিয়ে পৰৱৰ্তী ৰাষ্ট্ৰীয় সন্মান লাভ কৰিব বুলিও ভৱিষ্যতবাণী কৰিছে। 

মেঘনা গুলজাৰে পৰিচালনা কৰা 'ছেম বাহাদুৰ'য়ে ১ ডিচেম্বৰত মুক্তি লাভ কৰিব। ছবিখনত বিকিৰ লগতে আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ফাতিমা ছানা শ্বেইখ, ছন্যা মালহোত্ৰা, ছেমী জনাছ হেনৰী আৰু ছাকিব আয়ুবে।উল্লেখ্য যে, এই দিনটোতে মুক্তি লাভ কৰিব ৰণবীৰ কাপুৰ অভিনীত 'এনিমেল'য়ে।

Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী