/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/53e5acf6-e0dd-4eb4-b89f-437a5379a84e/AP_FOR_WEB_vicky.jpg)
ডিজিটেল ডেস্ক: দৰ্শকৰ বাবে সুখবৰ। সাম্প্ৰতিক সময়ৰ অন্যতম জনপ্ৰিয় অভিনেতা বিকি কৌশলক অতি শীঘ্ৰেই পুনৰ দৰ্শকে দেখিবলৈ পাব ‘ডি জে’ৰ ৰূপত।হয়, অনুৰাগ কাশ্যপৰ পৰৱৰ্তী ছবি ‘অলম’ষ্ট প্যাৰ উইথ ডিজে মহব্বত’ত বিকিয়ে এজন ‘ডি জে’ৰ চৰিত্ৰত অভিনয় কৰিছে।ছবিখনত ‘ডিজে মহব্বত’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছে বিকিয়ে। ২০১৮চনত মুক্তিপ্ৰাপ্ত বলীউডৰ বহুচৰ্চিত ছবি 'মনমাৰ্জিয়া'ত অভিনেতা বিকি কৌশলে ৰূপায়ন কৰা ‘ডিজে চেণ্ডজ’ৰ চৰিত্ৰটোয়ে আজিও দৰ্শকক আকৰ্ষিত কৰে।
পৰিচালক অনুৰাগ কাশ্যপে এই ছবিখনৰ বিষয়ে ঘোষণা কৰাৰ পাছতে ছবিখনৰ শিৰোনামটো কাৰ ওপৰত আধাৰিত সেই চৰিত্ৰটোক লৈ বহু চৰ্চা হৈছিল।এই চৰ্চাৰ অৱসান ঘটায় অৱশেষত পৰিচালকজনে এই সন্দৰ্ভত ৰাজহুৱা কৰিছে। ইয়াৰ পাছতে স্বাভাৱিকভাৱেই দৰ্শকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।বহু অনুৰাগীয়ে বিকিক পুনৰ ‘ডি জে’ৰ ৰূপত চাবলৈ ব্যাকুল হৈ পৰিছে।
‘অলম’ষ্ট প্যাৰ উইথ ডিজে মহব্বত’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলায়া এফ আৰু কৰণ মেহতাই।ছবিখনত বিকি কৌশলে ৰূপায়ন কৰা চৰিত্ৰটোৰ সন্দৰ্ভত পৰিচালক অনুৰাগ কাশ্যপে কয়, ‘এই বিশেষ চৰিত্ৰটোৰ বাবে মই এজন বিশেষ অভিনেতা বিচাৰি আছিলো।বিকি এই চৰিত্ৰটোৰ বাবে মোৰ প্ৰথম পছন্দ।বিকি সদায়েই সুকীয়া, সেয়া তেওঁৰ ব্যক্তিত্বৰ বাবেই হওঁক অথবা অভিনয়ৰ বাবেই হওঁক।অমায়িক স্বভাৱৰ বিকিক যিয়ে লগ পায়, তেওঁ জীৱনত কেতিয়াও এই অভিনেতাজনক পাহৰিব নোৱাৰে।মই চিনি পোৱাৰ পৰাই বিকি মোৰ আপোন আৰু চিৰদিন আপোন হৈয়ে থাকিব।’
ইফালে, পৰিচালকজনৰ সন্দৰ্ভত বিকিয়ে কয়, ‘অনুৰাগ মহাশয় মোৰ বাবে সদায়েই এজন পৰামৰ্শদাতা’। উল্লেখ্য, গুড-বেড ফিল্মছৰ বেনাৰত জি ষ্টুডিঅ'ৰ দ্বাৰা প্ৰযোজনা কৰা ‘অলম’ষ্ট প্যাৰ উইথ ডিজে মহব্বত’ ৩ ফেব্ৰুৱাৰীত মুক্তি পাব।