/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7c6ee0c0-3d4e-4e2c-9cd0-faf81890bf78/AP_FOR_WEB_sunny.jpg)
ডিজিটেল ডেস্ক: বস্ক অফিচত বহু অভিলেখ সৃষ্টি কৰি প্ৰতিগৰাকী দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা বলীউডৰ ছবি ‘গদাৰ-এক প্ৰেম কথা’ৰ ছিকুৱেল সম্প্ৰতি মুক্তিৰ পথত। প্ৰতিগৰাকীৰ দৰ্শকৰ বাবেই এয়া নি:সন্দেহে এক সুখবৰ।হয়, ছানী দেউল আৰু আমিশা পেটেল অভিনীত বহু প্ৰতীক্ষিত এই ছবিখনৰ ছিকুৱেল আগন্তুক স্বাধীনতা দিৱসৰ ঠিক পূৰ্বে মুক্তি পাব।
ছানী দেউলৰ দুৰ্দান্ত অভিনয় তথা কাহিনী বলত ২২ বছৰ আগতে বক্স অফিচত ‘ব্লকবাষ্টাৰ’ হিচাপে বিবেচিত হৈছিল ‘গদাৰ-এক প্ৰেম কথা’। তাৰ পাছৰ পৰাই অনুৰাগীয়ে ছবিখনৰ ছিকুৱেল ছবিৰ বাবে অপেক্ষা কৰিছিল। এতিয়া সেই অপেক্ষাৰ অন্ত পৰিল। শেহতীয়াকৈ এই ছবিখনৰ ছিকুৱেল ‘গদাৰ ২’ৰ প্ৰথমখন প’ষ্টাৰ মুকলি কৰা হৈছে। প’ষ্টাৰখনত ছানী দেউলক হাতত হাতুৰী লৈ থকা দেখা গৈছে।
ছবিখনৰ সন্দৰ্ভত অভিনেতা ছানী দেউলে উল্লেখ কৰা মতে, ‘গদাৰ-এক প্ৰেম কথা ছবিখনে মোৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সাংঘাটিকভাৱে প্ৰভাৱ পেলাইছে।এই ছবিখন মোৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ছবি বুলিয়েই মই গণ্য কৰো।সুদীৰ্ঘ সময়ৰ পাছত ছবিখনৰ দলটোৰ সৈতে সহযোগিতা কৰিবলৈ পোৱাটো মোৰ কাৰণে আচলতে সৌভাগ্য।’
মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ‘গদাৰ-২’ পৰিচালনা কৰিছে অনিল শৰ্মাই।প্ৰযোজনা কৰিছে জি ষ্টুডিঅ'ই।এই ছিকুৱেল ছবিখনত ছানী দেউলৰ লগতে অমীশা পেটেল আৰু উৎকৰ্ষ শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।উল্লেখ্য ‘গদাৰ-২’য়ে চলিত বৰ্ষৰ ১১ আগষ্টত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।
Also Read: সঞ্জয় দত্ত, আৰ্ছাদ ৱাৰ্ছীৰ পৰৱৰ্তী ছবিৰ ‘ফাৰ্ষ্ট লুক’ ভাইৰেল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us