অসমৰ জোৱাই হ'ল আশীষ বিদ্যাৰ্থী

অসমৰ জোৱাই হ'ল আশীষ বিদ্যাৰ্থী

ডিজিটেল ডেস্ক : প্ৰখ্যাত অভিনেতা আশীষ বিদ্যাৰ্থী হ'ল অসমৰ জোৱাই । বৃহস্পতিবাৰে বিয়াৰ সাজত দেখা গ'ল বিশিষ্ট অভিনেতাগৰাকীক । তথ্য অনুসৰি, অসমৰ কন্যা ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল অভিনেতাগৰাকী ।

কেৰালাত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে তামিল, তেলেগু, মালায়ালমৰ ওপৰিও হিন্দী চিনেমাতো বিগত বহু কেইবছৰ সুদক্ষ অভিনয়েৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল । ইয়াৰ ওপৰিও শেহতীয়াকৈ ইউটিউবৰ জৰিয়তে পুনৰ এবাৰ নিজৰ অনুৰাগীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল অভিনেতাগৰাকী ।

বৃহস্পতিবাৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা বিয়াৰ অন্তত এইদৰে দেখা গ'ল নৱ-বিবাহিত দম্পত্তিক ।

অসমৰ জোৱাই হ'ল আশীষ বিদ্যাৰ্থী
আজি সমগ্ৰ বিশ্বই জানিব বিচাৰে ভাৰতে কি ভাবিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in