আজি সমগ্ৰ বিশ্বই জানিব বিচাৰে ভাৰতে কি ভাবিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আজি সমগ্ৰ বিশ্বই জানিব বিচাৰে ভাৰতে কি ভাবিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্ক : তিনিখনকৈ দেশ ভ্ৰমণৰ পাছত মাতৃভূমিত ভৰি থলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) য়ে । নতুন দিল্লীত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, "আজি সমগ্ৰ বিশ্বই জানিব বিচাৰে ভাৰতে কি ভাবিছে ।"

জাপান, পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰী গৰাকীয়ে এক সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, বিশ্বই তেওঁক প্ৰশ্ন কৰিছিল যে সকলোকে ক'ভিডৰ ভেকছিন কিয় বিলাই দিয়া হেছিল ? যাৰ উত্তৰত নৰেন্দ্ৰ মোডীয়ে কৈছিল, " এই দেশ গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ । আমি আমাৰ শত্ৰুৰো যত্ন লও ।"

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাপান, পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণত আছিল জি-৭ ৰ বৈঠকৰ বাবে । উল্লেখিত তিনিওখন দেশ হৈছে সামুদ্ৰিক । অৰ্থাৎ এই দেশকেইখনক আগুৰি আছে সমুদ্ৰ পৃষ্ঠই । তেনে দেশ সমূহৰ সৈতে ব্যৱসায় অথবা ৰাজনৈতিক সম্পৰ্কৰ আধাৰেই হৈছে সমুদ্ৰ ।

আনহাতে, নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু আন দলীয় কৰ্মকৰ্তাই ।

আজি সমগ্ৰ বিশ্বই জানিব বিচাৰে ভাৰতে কি ভাবিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
কাঞ্চনজংঘা জয় দুই অসমীয়াৰ, শীৰ্ষত উৰুৱালে ত্ৰিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in