সংবাদ মাধ্যম, অনুৰাগীক জনালে বিশেষ অনুৰোধ

সংবাদ মাধ্যম, অনুৰাগীক জনালে বিশেষ অনুৰোধ

ডিজিটেল ডেস্ক: বলীউডৰ প্ৰখ্যাত পৰিচালক ডেভিড ধাৱনৰ ঘৰত এতিয়া উখল-মাখল পৰিৱেশ।নহ'বইনো কিয় ! ঘৰলৈ যিহেতু ঘটিছে লখিমীৰ আগমন।হয়, নাতিনী পালে ডেভিড ধাৱনে।তেওঁৰ পুত্ৰ অভিনেতা বৰুণ ধাৱন আৰু নাতাশা দালালৰ কোলালৈ আহিল এটি কন্যা সন্তান। 

বৰুণ ধাৱন আৰু নাতাশা দালাল এতিয়া অভিভাৱক। অভিনেতাজনে ছ’চিয়েল মেডিয়াত এটা প’ষ্ট কৰি এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।এই প’ষ্টটো তেওঁ কন্যাৰ নাম উল্লেখ কৰা নাই যদিও শিশুটিক ‘বেবী ধাৱন’ বুলি সম্বোধন কৰে।

এই প'ষ্টটোত বৰুণে শ্বেয়াৰ কৰা ভিডিঅ' কাৰ্ডখনত তেওঁৰ প্ৰিয় পোহনীয়া কুকুৰ জ'ইকো দেখা গৈছে।ইয়াত তেওঁলোকৰ সন্তানটো ৩জুনত জন্ম হৈছে বুলি উল্লেখ কৰা হৈছে।তদুপৰি, এই সময়ছোৱাত গোপনীয়তা ৰক্ষাত যাতে অনুৰাগী আৰু সংবাদ মাধ্যমে তেওঁলোকৰ পৰিয়ালটোক সুবিধা দিয়ে, তাৰ বাবেও তেওঁ খুব স্পষ্টকৈ অনুৰোধ জনাইছে। প'ষ্টটোৰ কেপশ্বনত বৰুণে লেখিছে, 'আমাৰ সন্তান আৰু নতুন মাতৃ গৰাকীক শুভকামনা জনোৱা সকলোকে ধন্যবাদ। হৰে ৰাম, হৰে ৰাম, ৰাম ৰাম হৰে হেৰ। হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে।' উল্লেখ্য যে, এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে বহু নামী-দামী তাৰকাই বৰুণ ধাৱন আৰু পত্নী নতাশা দালালক ছ'চিয়েল মেডিয়াযোগে শুভেচ্ছা জনাইছে।

সংবাদ মাধ্যম, অনুৰাগীক জনালে বিশেষ অনুৰোধ
‘হাই প্ৰফাইল’ পিতৃ-কন্যাক প্ৰথমবাৰৰ বাবে একেলগে চাবলৈ উৎসাহী অনুৰাগী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in