‘সংবাদকৰ্মীসকল অসংবেদনশীল’, পিছে কিয় এনেদৰে ক’লে জানেনে ?

Varun Dhawan
Varun Dhawan
Published on
Updated on

ডিজিটেল ডেস্ক: 'সংবাদকৰ্মীসকল অসংবেদনশীল। তেওঁলোকে মানুহৰ দুখৰ সময়তো কেমেৰা-বুম লৈ বাতৰি সংগ্ৰহ কৰিবলৈ যায়, যিয়ে তেওঁলোক যে অসংবেদনশীল তাক স্পষ্টকৈ প্ৰমাণ কৰে। বাতৰি সংগ্ৰহ কৰাটো তেওঁলোকৰ কাম, সেয়া মই বুজি পাওঁ। কিন্তু আনক দুখ দি নিজৰ কৰ্তব্য পালন কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।' -এই মন্তব্য বৰুণ ধাৱনৰ। মৃতকৰ পৰিয়ালবৰ্গৰ পৰা সংবাদকৰ্মীয়ে ভাষ্য লোৱাক কেন্দ্ৰ কৰি এইদৰে ক্ষোভ উজাৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতাজনে।

প্ৰকৃততে, বুধবাৰে বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰাৰ পিতৃৰ ৰহস্যজনক মৃত্যু হয়। এই মৃত্যুৰ খবৰ ল'বলৈ সংবাদকৰ্মীসকলে ৰাতিপুৱাৰ পৰাই মলাইকাৰ গৃহৰ বাহিৰত বিভিন্নজনৰ পৰা ভাষ্য গ্ৰহণৰ চেষ্টা কৰি আছিল। ইয়াকে দেখি খঙত অগ্নিশৰ্মা হৈ পৰে বৰুণ ধাৱন। তেওঁ সংবাদকৰ্মীসকলক পোনপটীয়াকৈ একো নকৈ ওপৰত উল্লেখ কৰা ধৰণৰে লেখি ছ'চিয়েল মেডিয়াত প'ষ্ট কৰে।  

উল্লেখ্য যে, মলাইকা আৰু অমৃতা অৰোৰাৰ পিতৃ অনিল অৰোৰা বুধবাৰে পুৱা প্ৰায় ৯বজাত আয়েশা মনোৰ ভৱনৰ বাসগৃহৰ পৰা ৰহস্যজনকভাৱে পৰি যায়। বহুতেই ইয়াক আত্মহত্যাৰ নাম দিছে যদিও পৰিয়াল তথা আৰক্ষীয়ে এই বিষয়ে বৰ্তমানেও স্পষ্ট কৰা নাই।মুম্বাই আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

Varun Dhawan
অনুৰাগীৰ আশা ! আকৌ সুখৰে সংসাৰ কৰিব 'বিগ বি'ৰ পুত্ৰ-বোৱাৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in