অনুৰাগীৰ আশা ! আকৌ সুখৰে সংসাৰ কৰিব 'বিগ বি'ৰ পুত্ৰ-বোৱাৰীয়ে

বলীউডৰ 'বচ্চন' পৰিয়াল দীৰ্ঘদিনৰ পৰা বাতৰিৰ শিৰোনামত আছে।মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চন আৰু অভিনেত্ৰী বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সংসাৰত আউল লাগিছে।

author-image
Asomiya Pratidin
New Update
অনুৰাগীৰ আশা ! আকৌ সুখৰে সংসাৰ কৰিব 'বিগ বি'ৰ পুত্ৰ-বোৱাৰীয়ে

aishwarya-abhishek divorce

ডিজিটেল ডেস্ক: বলীউডৰ বিখ্যাত 'বচ্চন' পৰিয়াল দীৰ্ঘদিনৰ পৰা বাতৰিৰ শিৰোনামত আছে।হয়, মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চন আৰু অভিনেত্ৰী বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সংসাৰত আউল লাগিছে। বহুদিনৰ পৰা অভিষেক আৰু ঐশ্বৰ্য বেলেগে বাস কৰি আছে বুলি খবৰ ওলাইছে।আনকি বিভিন্ন অনুষ্ঠানবোৰতো বচ্চন পৰিয়ালৰ সৈতে দেখা পোৱা নাযায় বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনক।

এই খবৰৰ মাজতেই তেওঁলোক দুয়োকে শেহতীয়াকৈ একেলগে দেখা গৈছে। ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। যি দেখি তেওঁলোকৰ অনুৰাগীসকল এতিয়া খুব আনন্দিত হৈ পৰিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ'ত অভিষেক বচ্চনক পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চনৰ সৈতে বিমানবন্দৰৰ বাছত প্ৰৱেশ কৰা দেখা গৈছে।অনুৰাগীয়ে নিশ্চিত কৰা অনুসৰি এই ভিডিঅ'টো ডুবাইৰ।

ইফালে, একাংশৰ মতে এই ভিডিঅ'টো এতিয়াৰ নহয়। এই ভিডিঅ'টো হেনো এই বছৰৰ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শ্বেয়াৰ হৈছিল।ভিডিঅ’ত দেখা গৈছে যে অভিষেক আগে-আগে আৰু ঐশ্বৰ্যই তেওঁৰ কন্যাৰ সৈতে পিছে-পিছে খোজ কাঢ়ি কেমেৰালৈ চাই হাঁহি আছে।

এই ভিডিঅ'টো দেখি সকলো অনুৰাগীয়ে দম্পতীহালক পুনৰ একেলগ হৈ থকাৰ বাবে প্ৰাৰ্থনা কৰিছে। কেইদিনমান পূৰ্বে অভিষেক বচ্চনক তেওঁৰ মাতৃ জয়া বচ্চন আৰু ভগ্নী শ্বেতা বচ্চনৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা গৈছিল। বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্য আৰু তেওঁৰ কন্যা আৰাধ্যাৰ অনুপস্থিতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত